গুৱাহাটীত আপৰ কেন্দ্ৰীয় নেতা তথা দিল্লী চৰকাৰৰ মন্ত্ৰী গোপাল ৰায়

গুৱাহাটীত আপৰ কেন্দ্ৰীয় নেতা তথা দিল্লী চৰকাৰৰ মন্ত্ৰী গোপাল ৰায়

ৰঙিলী বাৰ্ত্তাসেৱা- “অসমত প্ৰচুৰ প্ৰাকৃতিক সম্পদ আছে। সম্পদত চহকী হোৱা সত্বেও ৰাজ্যখনত যুৱক সকলে কৰ্মসংস্থান লাভ কৰা নাই। নিৱনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। আমাৰ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পাছত দেশত ভয়াবহ ভাবে কৰ্মসংস্থাপনহীনতাই দেখা দিছে। ডাবল ইঞ্জিনৰ চৰকাৰে সমস্যা সমাধান কৰিব পৰা নাই। এখন ডাবল ইঞ্জিনৰ ৰেলগাড়ীৰ দৰে স্থবিৰ হৈ পৰিছে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ। ফলত দেশত সমস্যা বৃদ্ধি পাইছে। সমাধানৰ পথ তেওঁলোকে উলিয়াব পৰা নাই। দেশৰ যুৱসমাজৰ মাজত আজি কৰ্ম সংস্থাপনহীনতা বৃদ্ধি পাইছে। যুৱ প্ৰজন্মৰ স্বাৰ্থত নতুন নিয়োগ নীতিৰ প্ৰয়োজন। অসমৰ যুৱ- ছাত্ৰ সমাজে আগন্তুক দিনত পৰিবৰ্তনৰ হকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। ” গুৱাহাটীৰ মাছখোৱাস্থিত আ টি এ চেন্টাৰত আম আদমী পাৰ্টিৰ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰোজগাৰ সমাৰোহত অংশগ্ৰহণ কৰি এনেদৰে কয় আপৰ জ্যেষ্ঠ নেতা তথা দিল্লী চৰকাৰৰ মন্ত্ৰী গোপাল ৰায়ে। তেওঁ কয়,” বিগত লোকসভা নিৰ্বাচনত দেশবাসীয়ে বৰ্তমান চৰকাৰক নিৰংকুশ সংখ্যাগৰিষ্ঠতা দিয়া নাই। জনসাধাৰণে স্বৈৰাচাৰী শাসকৰ বিৰুদ্ধে এই ৰায় দিছে। এয়া অনাগত দিনৰ বাবে সকীয়ণি। তেওঁলোকক ৰাইজে গাদীচ্যুত কৰিব। মন্ত্ৰীগৰাকীয়ে কয়, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নীট পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো ব্যৰ্থ হৈছে। প্ৰতিটো পৰীক্ষাতে প্ৰশ্ন কাকত ফাদিল হৈছে। উচ্চ শিক্ষা গ্ৰহণ কৰা যুৱক যুৱতী সকলক নিযুক্তি প্ৰদানৰ ক্ষেত্ৰতো বৰ্তমান চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ হয় দিল্লী চৰকাৰৰ মন্ত্ৰী গৰাকী । ৰোজগাৰ সংসদত আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ ৰাষ্ট্ৰীয় সভাপতি অনুৰাগ নিগম, ৰাজ্যিক সভাপতি দিব্যজ্যোতি কুলী তথা দলৰ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে।