গুৱাহাটীত অনুষ্ঠিত ইণ্ডিয়ান আইডলৰ অডিচনত অংশগ্ৰহণকাৰীৰ ভিৰ

Pc The Indian Express

গুৱাহাটীত অনুষ্ঠিত ইণ্ডিয়ান আইডলৰ অডিচনত অংশগ্ৰহণকাৰীৰ ভিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ছ’নি এণ্টাৰটেইনমেণ্ট টেলিভিছনত অতি শীঘ্ৰে সম্প্ৰচাৰিত হ’বলগীয়া বহু প্ৰতীক্ষিত গানৰ ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডলৰ অডিচন গুৱাহাটীত অনুষ্ঠিত হয়।গুৱাহাটীৰ ডন বস্কো ইনষ্টিটিউট, ডন বস্কো ইনষ্টিটিউট অৱ মেনেজমেণ্ট জয়পুৰ, খাৰঘুলীত পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা অডিচন ৰাউণ্ডত অনুষ্ঠানস্থলীত প্ৰায় ৫৫০ গৰাকী অংশগ্ৰহণকাৰীক দেখা গৈছিল।উল্লেখযোগ্য যে ইণ্ডিয়ান আইডল হৈছে এক এনে অনুষ্ঠান যি সংগীতৰ ক্ষেত্ৰখনৰ কেঁচা প্ৰতিভাক চিনাক্ত কৰে আৰু এক ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰি আৰু তেওঁলোকক তাৰকা কৰ তোলে।বিশেষকৈ ২০০৪ চনত প্ৰিমিয়াৰ হোৱা অনুষ্ঠানটোৱে দেশবাসীক বহুতো বিস্ময়কৰ কণ্ঠ স্বৰ প্ৰদান কৰিছে যেনে ছলমান আলী (ছীজন ১০ৰ বিজয়ী), ছানী হিন্দুস্তানী (ছীজন ১১ৰ বিজয়ী), আৰু ছীজন ১২ৰ আটাইতকৈ শেহতীয়া বিজয়ী পৱনদীপ ৰাজন।যিসকলে দেশখনক মতলীয়া কৰি তুলিছিল।এতিয়া ছীজন ১৩ৰ সৈতে উভতি আহিছে বহু প্ৰতীক্ষিত গানৰ ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডল।