গুৱহাটী বিশ্বিদ্যালয়ৰ এন এছ এছ কোষৰ উদ্যোগত বিশ্ব জৈৱ ইন্ধন দিৱস পালন

Pc-News Track English

গুৱহাটী বিশ্বিদ্যালয়ৰ এন এছ এছ কোষৰ উদ্যোগত বিশ্ব জৈৱ ইন্ধন দিৱস পালন

অনলাইন বাৰ্ত্তাসেৱা– গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত এখন ৱেবিনাৰযোগে বিশ্ব জৈৱ ইন্ধন দিৱস পালন কৰা হয়। ৱেবিনাৰখনৰ আৰম্ভণিতে মুখ্য অতিথি আৰু অংশগ্ৰহণকাৰীক আদৰণি জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে। আদৰণি ভাষণত ড০ কাকতিয়ে কয় যে জৈব অবনতিযোগ্য  আৰু নৱীকৰণযোগ্য ইন্ধনৰ বিষয়ে সচেতনতা সৃষ্টিৰ বাবে বশ্ব জৈৱ ইন্ধন দিৱস পালিত হয়। এতিয়াও সময় আছে যে আমাৰ সেউজীয়া পৃথিৱীৰ বাবে কাৰ্বন নিঃসৰণ কমাবলৈ জৈৱ ইন্ধনৰ ব্যৱহাৰৰ সময় আহি পৰিছে। ৱেবিনাৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্য অতিথি হিচাপে উপস্থিত থকা কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে।ভাষণ প্ৰসংগত উপাচাৰ্য অধ্যাপক ঘোস্বামীয়ে কয় যে জৈৱ ইন্ধন পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত বহুত সহায়ক। অৱশ্যে জৈৱ ইন্ধনৰ দৰে পৰিষ্কাৰ শক্তিৰ উৎসৰ ফালে মনোযোগ দিব লাগিব। ৱেবিনাৰখনত সমল ব্যক্তি হিচাপে ভাগ লয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰযুক্তিবিদ্যা বভাগৰ ডীন মোহন চন্দ্ৰ কলিতাই। তেওঁ জৈৱ ইন্ধন সম্পৰ্কে সামগ্ৰিকমতামত আগবঢ়ায়। অধ্যাপক কলিতাই গোলকীয় উষ্ঞতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে জৈৱ ইন্ধন বা অন্যান্য কাৰ্বন নিৰপেক্ষ ইন্ধনৰ ব্যৱহাৰ কৰা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। ৱেবিনাৰখন সঞ্চালনাকৰে আৰু শলাগৰ শৰাই আগবঢ়ায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছৰ কাৰ্যসূচী বিষয়া ড০ ঋতুপৰ্ণ বৰাই। এন এছ এছ স্বেচ্ছাসেৱক, প্ৰগাম অফিচাৰ আদিকে ধৰি দুশজন অংশগ্ৰহণকাৰীয়ে ৱেবিনাৰখনত উপস্থিত থাকে।

(R.T)