গুৰু তোমাক প্ৰণাম – মৃদুলা বৰুৱা

গুৰু তোমাক প্ৰণাম
মৃদুলা বৰুৱা, তেজপুৰ
হে গুৰু
শিক্ষাৰ টোপোলাটো খুলি
তুমিয়েই দিয়া
দুখনী হাতত ভৰাই
জ্ঞানৰ নিৰ্মালী।
তোমাৰ জ্ঞানে
প্ৰকৃতিৰ নিস্তব্ধতা ভেদি,
অজ্ঞানতাৰ আন্ধাৰ আঁতৰাই
স্থাপিত কৰা আদৰ্শৰ জ্যোতি।
তুমিয়েই শিকাই দিয়া
শূন্যৰ মহত্ব তথা জীৱনৰ দায়িত্ব,
তুমিয়েই কৰা প্ৰতিভাৰ বিকাশ,
তোমাৰ বাবেই পাওঁ মুক্ত আকাশ।
তুমিয়েই পথ-প্ৰদৰ্শক,
তুমিয়েই মানৱ সম্পদ গঢ়া শ্ৰেষ্ঠ খনিকৰ,
তুমিয়েই কৰিলা সৃজন
একোজন মহান উকীল, ডাক্তৰ।
হে গুৰু তোমাৰ বাবেই
ধন্য এই জননী,
তুমিয়েই দিয়া মন্ত্ৰ সঞ্জীৱনী ।
তোমাৰ অবিহনে এই মৰতত
চৌদিশে শূন্য হ’ব ,
সকলো থাকিলেও
জ্ঞান আধৰুৱা হৈ ৰʼব।