গুৰু অ্যাবাকাসৰ উদ্যোগত আৰু ডেকাথলনৰ সহযোগত বিনামূলীয়া কৰ্মশালা
প্ৰাচীন অ্যাবাকাস(abacus) সঁজুলিৰে গণিতৰ গতি গণনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- ২০২১ চনত প্ৰতিষ্ঠা লাভ কৰা গুৰু অ্যাবাকাস( abacus) শৈক্ষিক প্ৰতিষ্ঠান সমগ্ৰ দক্ষিণ কামৰূপৰ ভিতৰত এখন উল্লেখনীয় ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ দেওবাৰে আজাৰাৰ ডেকাথলন ক্ৰীড়া কেন্দ্ৰৰ চৌহদত শিক্ষা প্ৰতিষ্ঠান গুৰু অ্যাবাকাসৰ উদ্যোগত,ডেকাথলন ক্ৰীড়া কেন্দ্ৰৰ সহযোগিতাত বিনামূলীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ উক্ত কৰ্মশালাখনিত সন্ধিয়া ৫ বজাৰে পৰা ছাত্ৰছাত্ৰীৰ শৈক্ষিক,মানসিক আৰু বৌদ্ধিক বিকাশৰ গুণগত মানদণ্ডৰ ভিত্তিত এখনি গণিতৰ গতি গণনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ প্ৰতিযোগিতা খন পৰিচালনা কৰে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ বৰ্ণালী দাস বৰুৱা,কবিন্দ্ৰ বৰুৱা আৰু কৃষ্ণ ৰাম দাসে লগতে সহযোগিতা কৰে শিক্ষয়িত্ৰী সুমন বৰুৱা,বিতুপী কলিতা,মন্দিৰা মালী,অমৰজ্যোতি দাস,কমল দাস,জুবিন দাস,ক্ষীৰদা দাস,ডেকাথলন ক্ৰীড়া কেন্দ্ৰকে আদি কৰি বহুসংখ্যকে ৷
গুৰুত্বপূৰ্ণ যে এই শৈক্ষিক প্ৰতিষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰী সকলক অ্যাবাকাস ( abacus)নামৰ প্ৰাচীন সঁজুলিৰে খেলধেমালিৰে গাণিতিক সুত্ৰ সমূহ সমাধান কৰিবলৈ শিকাই যাৰফলত ছাত্ৰ- ছাত্ৰী সকলৰ স্মৃতিশক্তিৰ লগতে মানসিক বৌদ্ধিক শক্তি বৃদ্ধি হয় ৷ ইতিমধ্যে এই প্ৰতিষ্ঠানটোত প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ উক্ত প্ৰতিষ্ঠানটোত শৈক্ষিক শিক্ষা প্ৰদানৰ বাহিৰে আনআন বিভিন্ন পাঠ্যক্ৰম যেনে সংগীত,নৃত্য,যোগ প্ৰশিক্ষণ,বাদ্যযন্ত্ৰ প্ৰশিক্ষণ ইত্যাদি সন্নিৱিষ্ট কৰা হৈছে ৷ ছয় মিনিট সময় ধাৰ্য্য কৰি অনুষ্ঠিত কৰা গণিত শাখাৰ প্ৰতিযোগিতাত ১০০ ৰ ভিতৰত ৯৭ নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰে য়শৰাজ ছেত্ৰীয়ে,৯৪ নম্বৰ লাভ কৰি দ্বিতীয় স্থান লাভ কৰে মানভিক তালুকদাৰে আৰু ৮১ নম্বৰ সহ তৃতীয় স্থান দখল কৰে দুবৰি ৰাণী দাসে ৷ চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থানত ৰাজবীৰ দাস,দ্বিতীয় স্থানত জাহ্নৱী পাঠক আৰু তৃতীয় স্থানত য়শৰাজ ছেত্ৰী ৷ প্ৰতিযোগিতাৰ শেষত বিজয়ী প্ৰতিযোগী সকলক মানপত্ৰ সহ পুৰস্কৃত কৰা হয় ৷ ইচ্ছুক প্ৰাৰ্থীয়ে নিম্নলিখিত দক্ষিণ কামৰূপৰ বিভিন্ন স্থানত অৱস্থিত গুৰু অ্যাবাকাসৰ ( Abacus)কেন্দ্ৰৰ জৰিয়তে শৈক্ষিক প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে কেন্দ্ৰ সমূহ হৈছে আজাৰা আৰু ৰাণী কেন্দ্ৰ ( বি এচ এফ কেম্পৰ ওচৰত ) যোগাযোগ নম্বৰ ৯১০১২৬৫৭৮৮/৯৯৫৪৫২৫৪৯৭ মিৰ্জা কেন্দ্ৰ ( অৰুণাদয় ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ওচৰত )যোগাযোগ নম্বৰ ৮৮২২৬০২৭৩৭