গুৰুজনাৰ অমৃত কথাৰে বুৰ যাব আউনীআটী সত্ৰৰ প্ৰাংগণ একেলগে বাজি উঠিব ২০০০ নাগাৰা, ২০০০ খোল আৰু শঙ্খ
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ গুৱাহাটীত অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নামঘৰ সমাৰোহৰ আয়োজন কৰা হৈছে৷ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ মাৰ্গ দৰ্শনত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিশাল নামঘৰ সমাৰোহ ৷ অহা ২, ৩ আৰু ৪ ডিচেম্বৰ তাৰিখে উত্তৰ গুৱাহাটীস্থিত আউনীআটী সত্ৰত এই সমাৰোহখন অনুষ্ঠিত হ’ব৷মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টিৰ অমৃত কথাৰে বুৰ যাব আউনীআটী সত্ৰৰ প্ৰাংগন৷ এই নামঘৰ সমাৰোহক লৈ আয়তীসকলৰ লগতে শিশুসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা৷ বিদ্যালয়ে বিদ্যালয়ে চলিছে নামঘৰ আখৰা ৷ এই সমাৰোহত অসমৰ ২০০০ নামঘৰীয়াই একেলগে তাল বজাই নাম গাব৷ অনুষ্ঠানৰ দ্বিতীয় দিনা ২০০০ মহিলা আৰু তৃতীয় দিনাও ২০০০ শিশোৱে একেলগে গাব দিহা নাম৷বাজি উঠিব ২০০০ নাগাৰা, ২০০০ খোল আৰু শঙ্খ৷প্ৰতিটো সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ’ব ২০০০ মহিলাৰ শংঙ্খধ্বনি আৰু উৰুলিৰে৷ যি সাংস্কৃতিক সন্ধিয়া ক্ৰমে ৰাস-ভাওনা আৰু নৃত্য-গীতৰ সন্ধিয়া ৰূপে পৰিচিত হ’ব৷উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰৰ সমীপৰ লুইতৰ পাৰত নামঘৰীয়াসকলে তাল বজাই নাম ধৰাৰ সময়তে অসমৰ নামঘৰসমূহতো একে সময়তে বাজি উঠিব ডবা আৰু নামঘৰীয়াৰ সামূহিক নাম৷ইয়াৰোপৰি প্ৰতিদিনে দিনৰ ভাগত অসমৰ আপুৰুগীয়া নামসমূহ পৰিৱেশন হ’ব ৷ প্ৰায় ১৫০০ নামঘৰৰ ইতিহাস সম্বলিত এখন গ্ৰন্থ এই সমাৰোহতে উন্মোচন কৰা হ’ব৷ উল্লেখযোগ্য যে আউনীআটী সত্ৰই ইতিমধ্যে অসমৰ প্ৰায় ১৫০০ নামঘৰৰ ইতিহাস সম্বলিত গ্ৰন্থ দুটা খণ্ডত প্ৰকাশ কৰিছে৷