গুলাম নবী আজাদৰ পদত্যাগৰ পিছতে জম্মু-কাশ্মীৰ কংগ্ৰেছৰ ৫ জন নেতাৰ দল ত্যাগ 

গুলাম নবী আজাদৰ পদত্যাগৰ পিছতে জম্মু-কাশ্মীৰ কংগ্ৰেছৰ ৫ জন নেতাৰ দল ত্যাগ 

ৰঙিলী বাৰ্ত্তাসেৱা–  গুলাম নবী আজাদে সকলো পদৰ পৰা পদত্যাগ কৰাৰ কেইঘণ্টামান পিছতে জম্মু-কাশ্মীৰৰ প্ৰায় পাঁচজন কংগ্ৰেছ নেতাই দল ত্যাগ কৰে। যিসকলে পদত্যাগ কৰিছে তেওঁলোকৰ ভিতৰত আছে জিএম চাৰুৰী, হাজী আব্দুল ৰছিদ, মহম্মদ আমিন ভাট, গুলজাৰ আহমেদ ৱানী আৰু চৌধুৰী মহম্মদ আক্ৰাম। জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰ এছ চিবেও দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰে।