গুপ্ত সুৰৰ স্পন্দন – নাচিমা য়াচমিন

গুপ্ত সুৰৰ স্পন্দন

নাচিমা য়াচমিন, বিশ্বনাথ চাৰিআলি

তোমাৰ গুপ্ততম অন্তঃকৰণৰ স্পন্দন মোৰ হৃদয়ত প্ৰতিফলিত হয়। তোমাৰ গুহ্য অনুভূতিৰ গুঢ় প্রবাহ মোৰ  সপোনৰ গভীৰ উপত্যকাত গতি লয়।

তোমাৰ নেত্ৰৰ নিস্তব্ধ সাগৰত মোৰ অনুভৱৰ শতধাৰা লীন হয়। তোমাৰ স্বৰৰ অদৃশ্য কম্পনত মোৰ অস্তিত্বৰ প্ৰতিটো সুঁতিয়ে নৃত্যত পৰিণত হয়। তোমাৰ হ্ৰস্ব নিশ্বাসৰ উষ্ণতাত মোৰ শীতল নিশাবোৰ দগ্ধ হয়।  তোমাৰ ম্লান হাঁহিৰ এক নীৰৱ প্ৰতিচ্ছবিত মোৰ অন্তৰাত্মা বিলীন হয়।

নিঃশব্দতাৰ মাজতো তোমাৰ ওঁঠৰ অস্ফুট উচ্চাৰণ মোৰ মনগহীন প্ৰান্তৰ বতাহ হৈ বিয়পি ৰয়। আৰু তোমাৰ অনুপস্থিতি মোৰ অস্তিত্বৰ নীৰৱ বিলোপৰ সমান যেন অনুভূত হয়।