গুনাত্মক আৰু সংখ্যাত্মক – আগতে সংখ্যাত্মক চাব লাগে তাৰ পাছতহে গুণাত্মক : উপাচাৰ্য্য ডo জিতেন হাজৰিকা

গুনাত্মক আৰু সংখ্যাত্মক – আগতে সংখ্যাত্মক চাব লাগে তাৰ পাছতহে গুণাত্মক : উপাচাৰ্য্য ডo জিতেন হাজৰিকা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ৩১ জুলাই তাৰিখে ডিব্ৰুগড়ৰ হনুমানবক্স কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শঙ্কৰদেৱ সভাকক্ষত, অধ্যক্ষ ড০ শশীকান্ত শইকীয়াৰ দুখনকৈ গ্ৰন্থ ক্ৰমে “জীৱন বাঁহীৰ সুৰ” আৰু “ভৱিষ্যতৰ ৰাজনীতি “উন্মোচন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই কয় যে গুণাত্মক আৰু সংখ্যাত্মকৰ প্ৰথমে সংখ্যাহে চাব লাগে আৰু সংখ্যাৰ ধাৰণাইহে গুণ নিৰূপণ কৰে। তেওঁ নিজেও এজন পৰিসংখ্যা বিজ্ঞানী হিচাবে গৌৰৱবোধ কৰে আৰু ভাৰতত বৰ্তমানে ১৩ ( তেৰ) খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই হৈছে পৰিসংখ্যা বিজ্ঞানী। উপাচাৰ্য গৰাকীয়ে অধ্যক্ষ ডo শশীকান্ত শইকীয়াই ইতিমধ্যে ৩০(ত্ৰিশ) খনকৈ গ্ৰন্থ প্ৰকাশ কৰাত সন্তোষ প্ৰকাশ কৰি কয় যে এই সংখ্যাই তেখেতৰ সাহিত্য চৰ্চাৰ গুণবোৰ পোহৰাই তুলিছে। ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা বিশিষ্ট সাংবাদিক যাদৱ গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত ‘অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়’ৰ উপাচাৰ্য ডাo জে পি বাৰ্মাই গ্ৰন্থ উন্মোচন কৰি কয় যে জীৱনৰ সঠিক সিদ্ধান্ত ল’ব পৰাটো এটা ডাঙৰ গুণ , যিটো গুণ ডo শইকীয়াৰ ওচৰত বিদ্যমান। ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক ৰাতুল বুঢ়াগোহাঁইয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডীন অৱ ফেকলটি অৱ চাইঞ্চ তথা প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী ডo যোগেন চন্দ্ৰ কলিতাই কয় যে এটা অনুষ্ঠানক সৱল ভাৱে নেতৃত্ব দিব পৰা মানু্হ জনেই হৈছে কৰ্মসূৰ্য ডo শইকীয়া। কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডo ভাৰতী দত্তই ভাষণ প্ৰসঙ্গত কয় যে ডo শশী কান্ত শইকীয়াই ৩০ খনকৈ গ্ৰন্থ ৰচনা কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱাৰ লগতে নিজৰ মহাবিদ্যালয় খনক যি ৰূপত গঢ়ি তুলিবলৈ সক্ষম হৈছে, তাৰ বাবে তেখেতক পদ্মশ্ৰী বঁটা দিব লাগে। অনুষ্ঠান ডo চুলতানা হাজৰিকাই এটি স্বৰচিত কবিতা পাঠ কৰে। শিল্পী চন্দনা শৰ্মাৰ বেহেলা বাদন আৰু শিল্পী ৰীতামণি শইকীয়াৰ লোকগীতেৰে জীপাল কৰা অনুষ্ঠানটোত গ্ৰন্থ লেখক তথা ডিব্ৰুগড হনুমানবক্স কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডo শশীকান্ত শইকীয়াই নিজৰ জন্ম দিনৰ দিনাখন দুখনকৈ গ্ৰন্থ প্ৰকাশ কৰি ৰাইজৰ মাজত উলিয়াই দিবলৈ পোৱাত নিজকে সুখী অনুভৱ কৰে। ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে মানু্হ এলেহুৱা হ’ব নালাগে, সদায় নিয়ামানুবৰ্তিতা হ’ব লাগে আৰু তেখেতে দৈনিক কমেও অন্ততঃ দুটাকৈ সাহিত্যৰ পৃষ্ঠা লিখা বুলিও কয়। তেওঁৰ জন্ম দিনত পুৱা পাঁচ বজাতে মহাবিদ্যালয়খনৰ শিক্ষাতত্ত্ব বিভাগ, মনোবিজ্ঞান বিভাগ, কৰ্মচাৰী বিভাগ, গ্ৰীণ ক্লাবৰ সদস্য আদিয়ে জন্ম দিনৰ কেক কাটি শুভেচ্ছা জনোৱাৰ কথাকৈ আবেগিক হৈ পৰে।। উক্ত এই অনুষ্ঠানতে মুঠতে ডেৰ কুৰিৰো অধিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ফালৰ পৰা তেওঁক জন্ম দিনৰ শুভেচ্ছা জনায়। এই অনুষ্ঠানতে ডিব্ৰুগড় জিলাৰ উন্নয়ন আয়ুক্ত, সুবক্তা জিতু কুমাৰ দাসে কয় যে আমি নিজৰ মাতৃভাষাটো ভালকৈ জানিব আৰু শিকিব লাগে। পূৰ্বতে অৰ্থাৎ ১৯৩৪ চনত অসমীয়াৰ ঠাইত বঙালী ভাষা আছিল আৰু পিছত ১৯৫৩ চনত আকৌ অসমীয়া ভাষা হ’ল। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ডিব্ৰুগড় সাহিত্য সভাৰ উপসভাপতি তথা বিশিষ্ট সাংবাদিক বিভাস দুৱৰাই।