গুণোৎসৱৰ দৰে স্বাস্থ্য উৎসৱৰ আয়োজন কৰিব ৰাজ্য চৰকাৰে

Pc The Janambhumi

গুণোৎসৱৰ দৰে স্বাস্থ্য উৎসৱৰ আয়োজন কৰিব ৰাজ্য চৰকাৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  গুণোৎসৱৰ পাছত এইবাৰ চৰকাৰে পাতিব স্বাস্থ্য উৎসৱ৷চৰকাৰী চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি আৰু সেৱাৰ মান পৰ্যালোচনাৰ বাবে অসমত গুণোৎসৱৰ দৰে স্বাস্থ্য উৎসৱৰ আয়োজন কৰিব ৰাজ্য চৰকাৰে৷স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই এই কথা ঘোষণা কৰিছে৷স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে,”মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শৰ আধাৰত ৰাজ্যখনৰ চুকে-কোণে থকা প্ৰতিখন চৰকাৰী চিকিৎসালয়ৰে আন্তঃগাঁথনি, চিকিৎসাৰ সা-সুবিধা আদি বিভিন্ন দিশ সামৰি এক বিশেষ জৰীপ চলোৱা হ’ব৷জিলাসমূহত থকা সকলো স্বাস্থ্য উপকেন্দ্ৰ, হেল্‌থ এণ্ড ৱেলনেছ চেণ্টাৰ, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, সামূহিক স্বাস্থ্যকেন্দ্ৰ, খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, আদৰ্শ চিকিৎসালয়,অসামৰিক চিকিৎসালয়ক সামৰি আগন্তুক দুমাহৰ ভিতৰতে স্বাস্থ্য উৎসৱ আয়োজন কৰা হ’ব৷শিক্ষানুষ্ঠানসমূহৰ মূল্যায়নৰ বাবে হোৱা গুণোৎসৱৰ ধাৰণাটোৰ সৈতে কিছু ক্ষেত্ৰত মিল থকাকৈ এই স্বাস্থ্য উৎসৱ অনুষ্ঠিত কৰা হ’ব৷উল্লেখযোগ্য যে,মন্ত্ৰীজনে প্ৰকাশ কৰা মতে, চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি থকা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্বাস্থ্য বিভাগৰ বাদে আন চৰকাৰী বিভাগৰ বিষয়াক লৈ গঠিত দলৰ জৰিয়তে এই স্বাস্থ্য উৎসৱৰ সময়ত চৰকাৰী চিকিৎসালয়সমূহৰ সকলো দিশ সামৰি জৰীপ কৰা হ’ব৷এই জৰীপৰ আধাৰত চিকিৎসানুষ্ঠানসমূহত সেৱাৰ মান-পৰিসৰ বৃদ্ধিৰ লগতে আন্তঃগাঁথনিগত দিশতো স্বাস্থ্য বিভাগে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব৷