গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা

Pc Zeenews

গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- আজি ভাৰতীয় নিৰ্বাচন আয়োগে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। দুটা পৰ্যায়ত ক্ৰমো ১ ডিচেম্বৰ আৰু ৫ ডিচেম্বৰ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ’ব।এক সংবাদমেলৰ জৰিয়তে নিৰ্বাচন আয়োগে এই নিৰ্বাচনৰ ভোটগণনা ৮ ডিচেম্বৰত কৰা হ’ব বুলি ঘোষণা কৰে। ১৮২ জনীয়া গুজৰাট বিধানসভাৰ কাৰ্যকাল ১৮ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে সমাপ্ত হ’ব। দিল্লী আৰু পঞ্জাৱৰ পিছত এইবাৰ গুজৰাটত বিনামূলীয়া আঁচনিৰ প্ৰতিশ্ৰুতিৰে  যুঁজ দিব আম আদমী পাৰ্টীয়ে। অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টী(আপ)এ নিজকে শাসকীয় বিজেপিৰ মুখ্য প্ৰত্যাহ্বানকাৰী হিচাপে প্ৰক্ষেপ কৰিছে। এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্যত প্ৰৱেশ কৰিবলৈ আক্ৰমণাত্মক প্ৰচাৰ চলাই আহিছে আপে। আনহাতে, আগন্তুক নিৰ্বাচনত পূৰ্বতকৈ অধিক আসন লাভৰ উদ্দেশ্যৰে শাসকীয় বিজেপি দলটো উঠি পৰি লগা পৰিলক্ষিত হৈছে।