গুজৰাট বিধানসভা নির্বাচনৰ তাৰকা প্ৰচাৰকৰ ৰূপত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা

Pc Facebook

গুজৰাট বিধানসভা নির্বাচনৰ তাৰকা প্ৰচাৰকৰ ৰূপত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাট বিধানসভা নির্বাচনৰ তাৰকা প্ৰচাৰকৰ ৰূপত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা। ৰাজ্যখনৰ বিধানসভা নির্বাচনক লৈ ড° হিমন্ত বিশ্ব শৰ্মাই অঞ্জৰ, আদিপুৰ আৰু কামৰেজৰ তিনিখন বিশাল নির্বাচনী সমাৱেশত অংশগ্ৰহণ কৰে ৷ নির্বাচনী সমাৱেশত অংশ লৈ মুখ্যমন্ত্রী ড° শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্রশংসা করে। ভাষণত ড° শৰ্মাই কয়- ব্ৰিটিছে ভাৰত শাসন কৰিছিল। কিন্তু আজি প্ৰধানমন্ত্রী মোদীয়ে ব্ৰিটিছ অর্থনীতি অতিক্ৰম কৰিছে। ম‍ই বিশ্বাস কৰোঁ যে ২০২৯ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিৰ দেশ হ’ব। সম্প্ৰতি যিদৰে অৰ্থনীতি বিকশিত হৈ আছে, সেই ধাৰা অব্যাহত থাকিলে বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ হ’ব। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বাবেই উত্তৰ-পূৰ্বাঞ্চলত নতুন ৰে’লপথ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিমানবন্দৰ বিকশিত হৈছে। ৰে’ল অথবা বিমান ব্যৱহাৰৰ কাৰণে য’ত কোনো সুবিধা নাছিল, উত্তৰ-পূবৰ তেনে স্থানত ২০১৬ চনৰ পাছত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বাবেই নতুন ৰে’লপথ, ৰাষ্ট্ৰীয় ঘাইপথ, বিমানবন্দৰ নিৰ্মাণ হৈছে। অনেক নির্মাণ প্রকল্প চলি আছে। আনপিনে, ভাৰত জোড়ো যাত্ৰা কৰি থকা কংগ্ৰেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ড° শৰ্মাই। মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাহুল গান্ধীক কটাক্ষ কৰি কয়— গুজৰাটত নিৰ্বাচন কিন্তু তেওঁ (ৰাহুল গান্ধী) দক্ষিণত ঘূৰি আছে। যেতিয়া হিমাচল প্ৰদেশত নির্বাচন হৈছিল, তেতিয়া তেওঁ কেৰালাত আছিল। ড্ৰেছিং ৰুমৰ পৰা তেওঁ ওলাই আহিব নিবিচাৰে। তেওঁ খেল খেলিব নিবিচাৰে। আনপিনে, হিন্দুত্ববাদী নেতা বীৰ ছাভাৰকাৰক লৈ কৰা ৰাহুল গান্ধীৰ মন্তব্য সন্দৰ্ভতো ড° শৰ্মাই অঞ্জৰ জিলাৰ কুচ্ছত কয়— ৰাহুল গান্ধী ভাৰতীয় ইতিহাসৰ কোনো জ্ঞান নাই। বীৰ ছাভাৰকাৰৰ আদৰ্শক লৈ তেওঁ যিধৰণৰ শব্দ ব্যৱহাৰ কৰিছে, তেওঁ ৰাষ্ট্ৰবিৰোধী, হিন্দুবিৰোধী। ইয়াৰ বাবে জনতাই প্ৰত্যুত্তৰ দিব।