গুজৰাট টাইটেনছক পৰাস্ত কৰি ফাইনেলত জয়ী চেন্নাই চুপাৰ কিংছ

Pc Jagran Josh

গুজৰাট টাইটেনছক পৰাস্ত কৰি ফাইনেলত জয়ী চেন্নাই চুপাৰ কিংছ

ৰঙিলী বাৰ্ত্তাসেৱা- মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত চেন্নাই চুপাৰ কিংছে IPL ২০২৩ত গুজৰাট টাইটেনছক পৰাস্ত কৰি জয় লাভ কৰিবলৈ সক্ষম হয়। ২৯ মে’ত অনুষ্ঠিত হোৱা IPLৰ ফাইনেল খেলখনত জয়ী হৈ পঞ্চমবাৰ বাবে বিজয়ী হৈ চেন্নাই চুপাৰ কিংছ।  আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত খেলা ৰোমাঞ্চকৰ ফাইনেলত চেন্নাইয়ে ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছক অন্তিম বলত পৰাস্ত কৰিবলৈ সক্ষম হয়। IPLৰ ফাইনেলত চেন্নাই চুপাৰ কিংছে ডাকৱৰ্থ-লুইছ নিয়মৰ অধীনত ১৫ অভাৰত জয়লাভ কৰিবলৈ ১৭১ ৰাণৰ লক্ষ্য লাভ কৰিছিল।