গুজৰাটৰ গান্ধীনগৰতো পাকিস্তানী সন্ত্রাসবাদীক হুংকাৰ প্ৰধানমন্ত্ৰীৰ

গুজৰাটৰ গান্ধীনগৰতো পাকিস্তানী সন্ত্রাসবাদীক হুংকাৰ প্ৰধানমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পেহেলগামৰ নৰসংহাৰৰ প্ৰত্যাঘাত অপাৰেচন সিন্দূৰৰ প্ৰসংগৰে বদোদৰাত পাকিস্তান আৰু পাকিস্তানী সন্ত্রাসবাদীক হুংকাৰ দিয়াৰ পাছত গান্ধীনগৰতো প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক হুংকাৰ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, ভাৰতৰ পৰা সন্ত্রাসবাদৰ কাঁইট পুলিয়ে-পোখাই উভালিব। গান্ধীনগৰৰ মহাত্মা মন্দিৰত ৫,৫৩৬ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ পাছত বিশাল ৰাজহুৱা সভা সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে পাকিস্তানক সকীয়নি দি কয়- সন্ত্রাসবাদ পাকিস্তানৰ ছায়াযুদ্ধ নহয়। ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ কৌশল। প্রত্যক্ষভাৱে চিৰবৈৰী সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰখনক আক্ৰমণৰ লক্ষ্য কৰি লৈ প্রধানমন্ত্রী মোদীয়ে কয়- বিগত দুদিন ধৰি মই গুজৰাটত আছোঁ। মই বদোদৰা, ডাহোড, ভুজ আৰু আহমেদাবাদ ভ্ৰমণ কৰাৰ পাছত আজি গান্ধীনগৰত আছোঁ। য’তেই গৈছোঁ তাতেই মই দেশপ্ৰেমৰ জোৱাৰ দেখিছোঁ। গেৰুৱা সাগৰৰ ধ্বনি, ত্ৰিৰংগাৰ চমক আৰু দেশমাতৃৰ প্ৰতি প্ৰতিগৰাকী নাগৰিকৰ ভালপোৱা দেখিছোঁ। ই হৈছে এক পাহৰিব নোৱাৰা দৃশ্য। আনপিনে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নাম নোলোৱাকৈয়ে প্রধানমন্ত্রী মোদীয়ে অতি কৌশলেৰে নেহৰুক আক্ৰমণৰ লক্ষ্য কৰি লয়। প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰ্দাৰ পেটেলে পাক অধিকৃত কাশ্মীৰ সেনাই দখল কৰাটো বিচাৰিছিল। কিন্তু পেটেলৰ পৰামৰ্শক অগ্রাহ্য কৰিছিল। ১৯৪৭ চনৰ দেশ বিভাজনৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- উক্ত সময়তে শৃংখল সম্পূর্ণৰূপে কাটি দিয়া উচিত আছিল। তাৰ পৰিৱৰ্তে দেশখন তিনিটা ভাগত বিভক্ত হ’ল। ইয়াৰ পাছতে কাশ্মীৰ আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্রাসবাদীৰ প্রথম আক্রমণ হৈছিল। যদি আমি সেই মুজাহিদীনক হত্যা কৰিলোঁহেঁতেন, চৰ্দাৰ পেটেলৰ পৰামৰ্শ মানিলোঁহেঁতেন, তেতিয়াহ’লে আজি আমি পেহেলগামৰ নিচিনা হৃদয়বিদাৰক ঘটনাৰ সাক্ষী নহ’লোঁহেঁতেন। প্রত্যেকবাৰে পাকিস্তানী সেনাক ভাৰতে পৰাজিত কৰি আহিছে। মন কৰিবলগীয়া যে সিন্ধু জল চুক্তি সম্পন্ন কৰাটোও তেতিয়াৰ চৰকাৰৰ ভুল আছিল বুলি প্রধানমন্ত্ৰীগৰাকীয়ে পৰোক্ষভাবে মন্তব্য আগবঢ়ায়। ইপিনে প্রধানমন্ত্রী মোদীয়ে কয়- ২০১৪ চনৰ ২৬ মে’ত মই প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ শপত লৈছিলোঁ। তেতিয়া দেশৰ অর্থনীতি আছিল একাদশ স্থানত। কিন্তু এতিয়া বিশ্বৰ চতুৰ্থ বৃহৎ অর্থনীতিৰ দেশ ভাৰত। জাপানক অতিক্ৰম কৰি এই স্থান লাভ কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ কাৰণ। ষষ্ঠ স্থানৰ পৰা পঞ্চম স্থানলৈ উন্নীত হোৱাৰ পাছত ভাৰতে যেতিয়া গ্রেট ব্রিটেইনক অতিক্ৰম কৰে, তেতিয়া যুৱপ্ৰজন্মৰ মাজত উৎসাহ পৰিলক্ষিত হৈছিল। কিয়নো গ্রেট ব্রিটেইনে আমাৰ দেশক আঢ়ৈশ বছৰ শাসন কৰিছিল। তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হ’বলৈ ভাৰত সক্ষম হ’ব বুলিও কয়। মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰতে এই সফলতা লাভ কৰিব বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।