গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্থ

গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্থ

ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। এই বিমান দুৰ্ঘটনাত সমগ্ৰ ভাৰতবৰ্ষ কঁপি উঠিছে ৷ গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ যাত্রীবাহী বিমান AI-171 দুর্ঘটনাগ্রস্ত হয়। মেঘনী নগৰ অঞ্চলত যাত্ৰী কঢ়িয়াই নিয়া বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। উৰণৰ কিছু সময়ৰ পিছতে বিমানখন দুর্ঘটনাগ্রস্ত হয়।শেহতীয়াকৈ লাভ কৰা তথ্য মতে, বিমানখনত যাত্ৰী আৰু ক্ৰুসহ প্ৰায় ২৪২ জন লোক আছিল । আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী আছিল দুর্ঘটনাগ্রস্ত বিমানখন।দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয় আৰু নিমিষতে সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাৰে আৱৰি ধৰে ৷ আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিবলৈ গৈ ওচৰৰ অট্টালিকাত খুন্দা মৰাৰ ফলত বিমানখন দুর্ঘটনাগ্রস্ত হয়। শেহতীয়াকৈ লাভ কৰা তথ্য মতে, দুৰ্ঘটনাস্থলীত ইতিমধ্যে আৰম্ভ হৈছে উদ্ধাৰ অভিযান ৷ আহত যাত্ৰীক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ৷ আহত যাত্ৰীসকলক চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে এটা সেউজ কৰিড’ৰ স্থাপন কৰা হৈছে । ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে টুইট কৰি কয় শোক প্ৰকাশ কৰে ৷ তেওঁ কয়, “আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমান দুৰ্ঘটনাত পতিত হোৱা ঘটনাটো অতি শোকৱহ ৷ মই বিষয়াসকলক তাৎক্ষণিকভাৱে উদ্ধাৰ আৰু সাহায্যৰ কাম কৰিবলৈ নিৰ্দেশ দিছো আৰু যুদ্ধংদেহীভাৱে আহত যাত্ৰীসকলৰ তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছো । লগতে আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিবলৈ এটা সেউজ কৰিড’ৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছো । অগ্ৰাধিকাৰ ভিত্তিত আহত লোকসকলক চিকিৎসালয়ত চিকিৎসাৰ সকলো ব্যৱস্থা কৰা হৈছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোৰ সৈতে এই সন্দৰ্ভত কথা পাতিছে আৰু সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে৷”