গুজৰাটত প্রাক্তন সেনা কর্মীসহ  দুজন ব্যক্তি গ্ৰেপ্তাৰ

গুজৰাটত প্রাক্তন সেনা কর্মীসহ  দুজন ব্যক্তি গ্ৰেপ্তাৰ

 ৰঙিলী বাৰ্ত্তাসেৱা–  গুজৰাটত বৃহস্পতিবাৰে  দুজন সন্দেহজনক ব্যক্তি গ্ৰেপ্তাৰ হয় ।গুজৰাট আৰক্ষীৰ সন্ত্রাস দমন শাখাৰ হাতত  গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজনৰ ভিতৰত এজন সেনাবাহিনীৰ প্ৰাক্তন চুবেদাৰ এ কে সিং, আনজন হ’ল ৰছমানী পাল। প্রথমজন গোৱাৰ বাসিন্দা আৰু দ্বিতীয়জন দমনৰ। তেওঁলোকৰ বিৰুদ্ধে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগৰ  লগতে ভাৰতৰ গোপন তথ্য পাকিস্তানৰ হাতত তুলি দিয়াৰ অভিযোগ আছে ।