গুজৰাটত দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৪১জনলৈ বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- গুজৰাটত দলং খহি যোৱা শোকাৱহ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৪১জনলৈ বৃদ্ধি পাইছে।মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা।অব্যাহত আছে উদ্ধাৰ অভিযান।ঘটনাস্থলীত উপস্থিত হৈ এনডিআৰএফ, এছডিআৰএফ, সেনা, বায়ুসেনা আৰু নৌসেনাই চলাইছে অভিযান।নিহতসকলৰ ভিতৰত মহিলা, শিশু আৰু বয়োজ্যেষ্ঠ লোকো আছে।১৭৭ জন লোকক অভিযানকাৰী দলে উদ্ধাৰ কৰিছে।