গুচি যাম এদিন – মৃদুলা বৰুৱা

PC - Proflowers
গুচি যাম এদিন 
মৃদুলা বৰুৱা, তেজপুৰ
গুচি যাম এদিন
কাকো নোকোৱাকৈয়ে
অভিমানৰ চাদৰখন
একাষৰীয়াকৈ থৈ স্বামীয়ে
লুকাই উচুপিব
আঁঠুতে মুখখন গুজি
আৰু মই সকলো দেখিওঁ
নিশ্চুপ হৈয়ে পৰি ৰ’ম
 আগচোতালৰ এচুকত ।
গুচি যাম এদিন
সেই অচিন দেশলৈ
কোনেওঁ নজনাকৈয়ে
আইয়ে আউলি বাউলি চুলিৰে
হিয়া ঢাকুৰি কান্দিব
ভন্টিৰ হাঁহি থকা মুখখনি
 শেঁতা পৰিব
পিতাইৰ বুকুৰ বিষটো
বাৰে বাৰে উজাব
তথাপিও শুই ৰ’ম মই
শুভ্ৰ কাপোৰৰ আঁৰতে ।
গুচি যাম এদিন এনেকৈয়ে
নিৰলে নিৰবে
শেষ হৈ যাব অগ্নিৰ বুকুত
মোৰ নিঠৰ শৰীৰ
ৰৈ যাব মাথোঁ স্মৃতিৰ পাতত
মোৰ কেঁচা সপোনৰ সুবাসবোৰ।
গুচি যাম এদিন এনেকৈয়ে……