গুগলৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশত গোচৰ ৰুজু

গুগলৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশত গোচৰ ৰুজু

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰ্তমান ইণ্টাৰনেট মানেই গুগল। সকলোৱে যিকোনো তথ্যৰ বাবে গুগল ইঞ্জিন চাৰ্ছ কৰে। কিন্তু গুগলৰ একচেতিয়া ব্যৱসায়ক লৈ বিভিন্ন দেশৰ চৰকাৰসমূহ চিন্তিত হৈ পৰিছে।তথ্য প্ৰযুক্তিৰ আগশাৰীৰ কোম্পানী গুগলৰ এনে ধৰণৰ একচেতিয়া ব্যৱসায়ে চৰকাৰসমূহক ইয়াৰ লগতে ক্ষুব্ধ কৰিও তুলিছে।ইউৰোপিয়ান ইউনিয়নে শেহতীয়াকৈ গুগলৰ বিৰুদ্ধে ৪১২ কোটি মার্কিন ডলাৰ অৰ্থাৎ প্ৰায় ৩২ হাজাৰ কোটি টকাৰ জৰিমনা বিহিছে। গুগলৰ বিৰুদ্ধে প্রতিযোগিতা সমাপ্ত কৰাৰ অভিযোগ উঠিছে।গুগলৰ বিৰুদ্ধে এণ্টিট্রাষ্ট আইন উলংঘা কৰাৰো অভিযোগ উঠিছে।গুগলৰ বিৰুদ্ধে এইবুলি অভিযোগ উঠিছে যে কোম্পানীটোৱে নিজৰ স্বাৰ্থৰ বাবে এণ্ড্ৰয়ড স্মার্টফ’ন প্রযুক্তি কৌশল আৰু ইয়াৰ বজাৰত বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছে।নিজৰ একচেতিয়া মনোভাবৰ বাবে গুগলৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰে অধিকাংশ গোচৰত এইবুলি অভিযোগ কৰা হৈছে যে গুগলে প্রতিযোগিতা প্ৰভাৱিত কৰিছে।ইয়াৰ আগতে গুগলৰ মূল কোম্পানী অলফাবেট আৰু ফেচবুকৰ মূল কোম্পানী মেটাৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে।দক্ষিণ কোৰিয়াত একে কাৰণত দুয়োটা কোম্পানীক ৭.১ কোটি ডলাৰৰ (প্ৰায় ৫৬৫ কোটি টকা) জৰিমনা বিহা হৈছে।ভাৰততো গুগলৰ মনপলি আৰু এণ্টিট্ৰাষ্টৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভাৰত চৰকাৰৰ কম্পিটিশান কমিটী অব্ ইণ্ডিয়াই গুগলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা চিন্তা কৰি আছে ।