গীৰ গাই প্ৰসংগক লৈ কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ

গীৰ গাই প্ৰসংগক লৈ কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গীৰ গাই ক্রয়ক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে কংগ্ৰেছে ৰূপায়ণ কৰা প্ৰতিবাদী কার্যসূচীক তীব্র ভাষাৰে কটাক্ষ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ। গোলাঘাটত গীৰ গাইৰ বিতৰ্কক লৈয়েই কংগ্রেছে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীক কটাক্ষ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়-গীৰ গাইৰ প্ৰসংগক লৈ কংগ্ৰেছ যে ইমান সৰৱ হৈছে তেওঁলোকে ঈদত হাজাৰ হাজাৰ গৰু কুৰ্বানিক লৈ কিন্তু নৰম। কংগ্ৰেছে যদি গৰুক ইমানেই ভাল পায়, তেন্তে মোৰ সৈতে একে সুৰত তেওঁলোকে কওক যে অহাবাৰ ঈদত গৰুৰ কুৰ্বানি হ’ব নোৱাৰে। যদি সাহস আছে কুৰ্বানি বন্ধ কৰাৰ বাবে আইন অনাত সহায় কৰক। কংগ্ৰেছৰ সাহস আছে নে নাই তাক প্ৰকাশ কৰক। বিজেপিৰ লোকসকলে গৰুক ভাল পায় বাবে মৰিবলৈ ধৰা গৰু এটাকো তুলি-তালি খুৱাই-বোৱাই জীয়াই ৰাখে। কিন্তু কংগ্ৰেছৰ আধাসংখ্যক লোকেতো গৰু কুৰ্বানি দিয়ে। কংগ্ৰেছৰ সোঁৱে-বাঁৱে থকা বা আন্দোলন কৰি থকা লোকসকলে গৰু খায়। গতিকে গৰু ভক্ষণ কৰা লোকে, গৰু পোহপাল দিয়াৰ কথা কিয় আলোচনা কৰে? আজি ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন শিকদাৰ, নুৰুল হুদা, ৰছিদ মণ্ডল, এ কে ৰছিদ মণ্ডলে গৰু খায় নে নাখায়? যিসকলে গৰু কুৰ্বানি কৰে, গৰু কাটে তেওঁলোকে এতিয়া গৰুৰ কাৰণে আন্দোলন কৰে। গতিকে একমুখে কংগ্ৰেছৰ সদস্যসকলে কওক যে আজিৰ পৰা আমি গৰু নাখাওঁ আৰু নামাৰো। মোক তেওঁলোকে কওক যে অসমত গৰুৰ প্ৰতিপালন হ’ব লাগে আৰু এতিয়াই এখন আইন হওক যাতে অহাবাৰ ঈদত কোনেও গৰু কুৰ্বানি নকৰে। এই সৎ সাহস আছে নে নাই দেখুৱাওক। ৰকিবুল হুছেইন সাংসদ হোৱা ধুবুৰী টাউনত ১,৪০০টা গৰু কুৰ্বানি কৰিছে। গৰু কুৰ্বানি বা মৰাই নহয়, গৰুৰ মাংস নি নামঘৰত থৈছে। গতিকে যি লোকে গৰুক মাৰে অথবা কুৰ্বানি দিয়ে, গৰুৰ মাংস ভক্ষণ কৰে, সেই মানুহে এতিয়া প্রশ্ন কৰে যে মৰিবলৈ ধৰা গীৰ গাইকেইটা কিনি আনি ঘৰত কিয় পুহিলে? এয়া বিজেপিৰ ধৰ্ম। মৰিব ধৰা গৰু ঘৰলৈ আনি পুহি খুৱাই-বোৱাই ডাঙৰ কৰা। এই কথা আমি গৌৰৱেৰে কওঁ। যিকেইজনে বেমাৰী গৰু পুহি ডাঙৰ-দীঘল কৰিলে তেওঁলোকক মই ধন্যবাদ দিছোঁ, মৃত্যু হ’বলৈ ধৰা গৰুকেইটাক দানা-পানী খুৱাই প্ৰতিপালন কৰিলে। এই গৰুকেইটা যদি কংগ্রেছে পালেহেঁতেন, কাটি কাটি খাই পেলালেহেঁতেন। গৰু খোৱা মানুহে এই ধৰণৰ আন্দোলন কৰে নেকি? তেওঁলোকৰ লাজ থাকিব লাগে। যিসকলে গৰু ক্ৰয় কৰি আনি গৰুকেইটাৰ জীৱন বচালে তেওঁলোকক চৰকাৰীভাৱে সম্বর্ধনা জনাব লাগে। মৰিব খোজা গৰুকেইটা বিজেপি বুলিহে ৫০-৬০ হাজাৰ টকাত ক্ৰয় কৰি আনিছে। মই অনুৰোধ জনাম এইসকলক গামোচা পিন্ধাই সম্বর্ধনা জনাব লাগে। কিন্তু এতিয়া ওলোটা হৈছে। কংগ্ৰেছৰ কথা হৈছে গৰুকেইটা মৰি যাওক আৰু আমি ইয়াৰ মাংস খাব পাৰোঁ।