গীনিজ বুকত লাচিত বৰফুকন

Pc Facebook

গীনিজ বুকত লাচিত বৰফুকন

ৰঙিলী বাৰ্ত্তাসেৱা-  জাতীয় বীৰ সেনাপতি লাচিত বৰফুকনৰ ওপৰত ৰচনা লিখি অসমে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। জনতা ভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ কৰ্তৃপক্ষই অসম চৰকাৰক প্ৰদান কৰা এই সম্পৰ্কীয় প্ৰমাণ পত্ৰ ৰাজ্য চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰে। উল্লেখযোগ্য যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ৰাজ্যখনত চৰকাৰী উদ্যোগত ৰচনা প্রতিযোগিতা আয়োজন কৰা হৈছিল। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাজ্যৰ ৪২ লাখ লোকে লাচিত বৰফুকন সম্পৰ্কীয় ৰচনা প্রতিযোগিতাত অংশগ্ৰহণ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ এই সফলতাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা আৰু উম্ম অভিনন্দন জ্ঞাপন কৰি কয় যে, ড০ শৰ্মাৰ নেতৃত্বত অসমে সমগ্ৰ দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চতো নিজকে উজ্বলাই তুলিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্ব আৰু কৰ্ম-সংস্কৃতিৰ বাবেই এয়া সম্ভৱ হোৱা বুলি শ্ৰী কলিতাই লগতে মত পোষণ কৰে ।