গীত মাত কবিতাৰে সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি নতুন সাহিত্য পৰিষদৰ

গীত মাত কবিতাৰে সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি নতুন সাহিত্য পৰিষদৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখা আৰু পূৰ্বোদয় মহিলা সমিতিৰ উদ্যোগত ৫ নৱেম্বৰত কাহিলিপাৰা সূৰুয নগৰস্থিত বিষ্ণু ৰাভা উদ্যানৰ দীলিপ তালুকদাৰ সোঁৱৰণী মঞ্চত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় বিশ্ব বৰেণ্য গণশিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী।নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখাৰ উপ সভাপতিদ্বয় ভাৰত চন্দ্ৰ দত্ত আৰু মদন চন্দ্ৰ দাস, ওদালবাক্ৰা জনজাতীয় যুৱ কল্যাণ পৰিষদৰ কাৰ্যকৰী সভাপতি বিষ্ণু ডেকা আৰু আৰতি হাজৰিকাই একোগছি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে উপস্থিত ৰাইজে ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পাৰ্ঘ প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিশিষ্ট গল্পকাৰ বিষ্ণু ডেকাই চমু ভাষণেৰে গীত মাত কবিতাৰ অনুষ্ঠানটো মুকলি কৰে। অনুষ্ঠানত সমৱেত কণ্ঠত দুটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখা আৰু পূৰ্বোদয় মহিলা সমিতিৰ শিল্পীবৃন্দই। ইয়াৰ উপৰিও ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে দীলিপ বৰগোঁহাই, শেৱালি দাস, প্ৰণীতা কলিতা, চন্দনা তালুকদাৰ, ঊষা ডেকা, পম্পা দেৱ, মৌচুমী দে, পাপৰি ধৰ, ৰাতুল দত্ত, গীতাঞ্জলি ৰয়চৌধুৰী আৰু প্ৰিয়ম্বদা দাসে। নৃত্য পৰিৱেশন কৰে মৌচুমী দে আৰু জোন কলিতাই। কবিতা আবৃত্তি কৰে শিপ্ৰা নাগ, অঞ্জনা বৰুৱা, তিলোত্তমা দত্ত, শিল্পীৰেখা গগৈ, গীৰেণ গোপ আৰু পৰাগ দেৱচৌধুৰীয়ে। অনুষ্ঠানত “ভূপেন হাজৰিকা শিল্পী সমাজ বিজ্ঞানীজনক আমি কিমান জানো?” শীৰ্ষক মূল বক্তব্য দাঙি ধৰে বিশিষ্ট সাহিত্যিক নতুন সাহিত্য পৰিষদৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ মজুমদাৰে।সুভাষ শৰ্মাই আঁত ধৰা মনোজ্ঞ অনুষ্ঠানটোৰ উপস্থিত ৰাইজৰ ফালৰ পৰা মনৰ অনুভৱ ব্যক্ত কৰে দেৱানন্দ বৰুৱা, মদন চন্দ্ৰ দাস, ভাৰত চন্দ্ৰ দত্ত, দীপক দত্ত, চিত্তৰঞ্জন ডেকা আৰু নৰেণ ডেকাই। শলাগৰ শৰাই আগবঢ়ায় অঞ্জনা বৰুৱাই। সন্ধিয়া উপস্থিত সকলোৱে একেলগে দীলিপ তালুকদাৰ মঞ্চ মমবাতিৰ পোহৰেৰে আলোকিত কৰি সুধাকণ্ঠলৈ স্মৃতি তৰ্পণ কৰে।