গীতিকাৰ হেমন্ত দত্তৰ বিয়োগত অসম সাহিত্য সভাৰ শোক
অৰ্ধনমিত হৈ থাকিব সভাৰ পতাকা
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, অভিনেতা, পৰিচালক হেমন্ত দত্তৰ প্ৰয়াণত অসম সাহিত্য সভাই গভীৰ শোকপ্ৰকাশ কৰিছে ৷ এক শোকবাৰ্তাত সভাৰ সভাপতি ড॰ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি শ্ৰীপদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক শ্ৰীদেৱজিৎ বৰাই কয় যে কেইবা দশক ধৰি সাংস্কৃতিক ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা দত্তই ৰচনা কৰা প্ৰতিটো গীতেই একো একোটি চিৰসেউজ গীত ৷ একেধৰণে তেখেতৰ দ্বাৰা সৃষ্ট নাটকসমূহে প্ৰতিগৰাকী শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল ৷ বিশিষ্ট ব্যক্তিগৰাকীৰ বিয়োগ ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি ৷ গুৱাহাটী কাৰ্যালয়ত বিশিষ্ট নাট্যকাৰ, অভিনেতা, গীতিকাৰ হেমন্ত দত্তৰ বিদেহ আত্মাৰ সদগতি কামনাৰে সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ উপস্থিতিত সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱাত আয়োজিত সভাত একমিনিট সময় মৌন প্ৰাথনা কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰে । লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । ইফালে অসম সাহিত্য সভাই হেমন্ত দত্তৰ প্ৰতি সন্মান জনাবৰ বাবে আজি যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়কে ধৰি গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, ৰাংচিনা ভৱন, নগাঁও, মঙলদৈ, জালাহ, ধুবুৰী, লক্ষীমপুৰ আদি সকলো কাৰ্যালয়তে পতাকা অৰ্ধনমিত কৰি ৰাখিব ৷ তদুপৰি অসম সাহিত্য সভাৰ অন্তৰ্গত জিলা সভা আৰু শাখা সভাসমূহেও কাইলৈ তেখেতৰ প্ৰতি সন্মান জনাব বুলি প্ৰধান সম্পাদক দেৱজিৎ বৰাই জনাইছে ৷