গীতিকাৰ ড° লক্ষহীৰা দাসৰ বিয়োগত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

গীতিকাৰ ড° লক্ষহীৰা দাসৰ বিয়োগত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ এগৰাকী কবি, গায়িকা, শিক্ষাবিদ আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ ড০ লক্ষহীৰা দাসৰ মৃত্যুত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে । ভূপেন হাজৰিকা বঁটা প্ৰাপ্ত সুদক্ষ গায়িকা তথা প্ৰথমা, গীতাৰ্ঘ্য, লক্ষহীৰাৰ গীত, প্ৰাণৰ মুক্তিধাৰা, তপসী, প্ৰাণগংঘা, সূৰ্য আৰু সাগৰৰ সাধু প্ৰমুখ্যে বহুসংখ্যক পাঠ্যপুথিৰ প্ৰণেতা দাস বাইদেউৰ বিয়োগ অসমৰ জাতীয় জীৱনৰ বাবে অপূৰণীয় ক্ষতি। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ তৰফৰ পৰা ড০ লক্ষহীৰা দাসৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷