গীতিকবিতা – যমুনা দুলু বৈশ্য

pc-shutterstock

গীতিকবিতা

যমুনা দুলু বৈশ্য
শুৱালকুছি

হিয়াৰ আবেগেৰে কি কথা ক’লা
ভালপোৱাৰে তুমি প্ৰতিশ্ৰুতি দিলা
বুকুতে ৰহণ চৰায়
মৰমৰ বান্ধোনেৰে
মনৰ মাজতে ওলগ জনায় ।

থউকি বাথৌ দুচকুত আজি
পোহৰৰ মৌ সানি জীৱন ডিঙা
কলৈনো যায় উৰি
চোৱা না এবাৰ তুমি মোলৈ ঘূৰি
মনে কিয় বাৰে বাৰে তোমাকে ধিয়াই !

ভাল লগা প্ৰণয়ৰ স্মৃতি
হিয়াৰ কোণতে বাজে চমকি
ৰুণজুন , ৰুণজুন এনেকৈ
হিয়াত বাজে গুণ ,গুণ
হেঁপাহৰ ৰং বোৰ বাজিব সুৰ হয় ।