গীটাৰত  ওলমি থকা সোঁৱৰণী -পুলিন ডেকা

pc Istock

গীটাৰত  ওলমি থকা সোঁৱৰণী

-পুলিন ডেকা

নৈখনে পুতি পেলোৱা চকুহালত

বতাহজাকে কাপোৰ সলাইছে

নগ্ন উৰুত   দুৰ্যোধনৰ আৱয়বিক ছাঁ পৰিছে

হঠাৎ অনুভৱ কৰিছো বোবা প্ৰেমৰ

হালধীয়া  সপোনৰ মাদকতা

তথাপি তুমি আৰু মই ইমান অকলশৰীয়া !

ক’ৰবাত  ডুবি  থকা জীয়া গোন্ধ এটা বিয়পিছে

অৰণ্যৰ নিদান ,  মাজ নিশাৰ হুৰহুৰণি

টোপো টোপে সৰিছে

তথাপি আকোৰগোঁজ  মৃত কঁপনিৰ নিদ্ৰাময় সময়

এদিন ৰ’দৰ ৰং পৰ্বতত মেলি দিছিল নৈখনে

সেই কঠিন  উজ্জ্বলতা হেৰুওৱা দিনত

গীটাৰৰ তাঁৰত ওলমি আছিল

নীৰৱতাৰ  অন্তিম সোঁৱৰণ

মই সন্মুখা –সন্মুখিকৈ আগবঢ়াই দিছিলোঁ

প্ৰেমৰ বিচ্ছেদিত সুৰ

গোপন আঁৰলত থকা এটা জীৱন

শৈলুৱৈয়ে ছাটি ধৰা বিষাদৰ তৰোৱাল

গাভৰুৰ খোজত নৈখনে সাৰ পাইছে

জীৱন্ত  কৱৰত বিৰিঙি উঠিছে কংকালৰ

প্ৰেমৰ পৰা এমুঠি তেজৰ  বন্দনা

আৰু সোণ –বৰণীয়া কাঁইটৰ  ধপধপনি

এয়া কি নিৰ্যাতিত ডাৱৰৰ

যন্ত্ৰণা নেকি ?