গায়ত্ৰী হাজৰিকাৰ মৃত্যুত শ্ৰদ্ধিঞ্জলি

গায়ত্ৰী হাজৰিকাৰ মৃত্যুত শ্ৰদ্ধিঞ্জলি

ৰঙিলী বাৰ্ত্তাসেৱা-  যৌথ মঞ্চ গুৱাহাটী সাংস্কৃতিক গোষ্ঠী আৰু সত্ৰীয়া সংস্কৃতিৰ মঞ্চ অসমে গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰয়াত গায়ত্ৰী হাজৰিকাৰ এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে । মঞ্চৰ সভাপতি ৰুমী ভূঞাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত প্ৰথমে গায়ত্ৰী হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনায় অসমৰ সংগীত শিল্পী মণিষা হাজৰিকাই৷উপস্থিত থকা তথ্যচিত্ৰ পৰিচালক, সমাজ কৰ্মী ৰাজীৱ হৰি কৌশিক, শিশু সাহিত্যিক,সাংবাদিক যুগললোচন দাসেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মঞ্চৰ উপদেষ্টা, কাৰ্যকৰী সভাপতিয়ে ধৰি সকলোঁ বিষয়ববীয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷যৌথমঞ্চ গুৱাহাটী সাংস্কৃতিক গোষ্ঠী আৰু সত্ৰীয়া সংস্কৃতিৰ মঞ্চ অসমৰ সভাপতি ৰুমী ভূঞাই এটি ঘোষা , সদস্য সকলৰ এটি হৰিনাম গুণেৰে তেওঁৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰে ।তেখেতৰ সৃষ্টিৰ গীত মাত পৰিবেশন কৰি সদস্য সকলে গায়ত্ৰীক শ্ৰদ্ধা জনায় । অনুৰাগী সকলেও তেওঁৰ সৃষ্টি হেঁপাহ পলুৱাই পৰিবেশন কৰি গায়ত্ৰীক শ্ৰদ্ধা জনায় ।শেষত গুৰুজনাৰ এফাকি প্ৰাৰ্থনাৰে গায়ত্ৰীৰ আত্মাৰ সদগতি কামনা কৰি শ্ৰদ্ধাঞ্জলিৰে অনুষ্ঠানটি সমাপ্ত কৰে ।