গায়ত্ৰী হাজৰিকাৰ নিখোঁজক লৈ মহানগৰ আৰক্ষীৰ স্পষ্টীকৰণ

গায়ত্ৰী হাজৰিকাৰ নিখোঁজক লৈ মহানগৰ আৰক্ষীৰ স্পষ্টীকৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-গায়ত্ৰী হাজৰিকাৰ নিখোঁজক লৈ মহানগৰ আৰক্ষীয়ে দিলে স্পষ্টীকৰণ। মহানগৰ আৰক্ষীয়ে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতি অনুসৰি গায়ত্ৰী হাজৰিকাৰ কোনো টোকা উদ্ধাৰ হোৱা নাই। শিলসাঁকো বিলৰ উচ্ছেদ অভিযানত গায়ত্ৰীক ডিউটী দিয়া হোৱা নাছিল। উল্লেখযোগ্য যে সোমাবাৰে সন্ধিয়াৰ ৬ বজাৰ পৰা নিখোজ হৈ আছে কনিষ্টবল গায়ত্ৰী হাজৰিকা। পল্টন বজাৰ থানাৰ কনিষ্টবল গায়ত্ৰী অসুস্থ হৈ থকাৰ লগতে হতাশাত ভুগি আছিল বুলিও জানিব পৰা গৈছে। আমিনগাঁৱলৈ যাম বুলি ৰুমৰ পৰা ওলাই গৈছিল গায়ত্ৰী। সতীৰ্থগৰাকীয়ে আয়ুক্ত কাৰ্যালয়ত গায়ত্ৰী নিখোঁজৰ খবৰ দিছিল।