গামোছাত মোচা ঘামৰে গঢ়া দিন – চিমী বৰুৱা

Pc Freepik indian-farmer-walking-through-rice-field_1036470-999

গামোছাত মোচা ঘামৰে গঢ়া দিন

চিমী বৰুৱা, মৰিগাঁও, চৰাইবাঁহী 

 গ্ৰাম্য জীৱনত গামোছা মাথোঁ এখন কাপোৰ নহয়—
ই এজনা শ্রমজীৱীৰ পৰিচয়, খাটনিৰ চাক্ষুষ প্ৰমাণ।
যেতিয়া বাবাই খেতিৰ পৰা ঘূৰি আহে,
মুখৰ ঘাম গামোছাত মোছাৰ সেই মুহূৰ্তটোতেই
দিনটোৰ কষ্ট, চেষ্টা আৰু গৌৰৱৰ সাৰাংশ পোহৰ হয়।
ঘামৰ দাগ—মাটিৰ গন্ধ, ৰ’দৰ তাপ,
জীৱনৰ যুঁজত কৰিলে খাটনিৰ নিঃশব্দ স্বাক্ষৰ।
গামোছাখনে যেন ক’লে,
“এই ঘামেই জীৱনৰ আশাৰ বীজ।”