গামোচাৰ এক স্মৰণীয় অধ্যায় – ইলা ভৰালী ডেকা

গামোচাৰ এক স্মৰণীয় অধ্যায়

 ইলা ভৰালী ডেকা

সহজ সৰল মানুহবোৰো‌এদিন কঠোৰ হ’বলৈ বাধ্য হয়। সকলো সহ্য কৰিব পৰা মানুহো এবাৰ লাহে লাহে সহ্য কৰিব পৰা শক্তি নোহোৱা হৈ যায়। মানুহক নিজতকৈ বহুত বেছি বিশ্বাস কৰা পৰিয়াল আৰু সমাজৰ স্বাৰ্থপৰ মানুহক বিশ্বাস কৰিবলৈ ও এশবাৰ ভাবিব লগা হয়।

এনেকৈয়ে সহজ সৰল মানুহ সময় পৰিস্থিতি অনুসৰি কোনোদিনে সলনি হ’ব নোখোজা মানুহবোৰো সলনি হৈ যায়। সময় পৰিস্থিতি অনুসৰি বাস্তৱ জীৱনৰ তিক্ততাৰ মে’ৰপাকত , পৰিস্থিতিৰ হেঁচাত সময়ৰ ধামখুমীয়াত। নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে চকুৰ আগত বিপদত পৰাত সীতা দেৱীৰ দৰে লক্ষ্মণ ৰেখা পাৰ হৈ ভিক্ষা দিব বিচাৰিলেও নিজৰ বিপদ অনিবাৰ্য।

সন্তানৰ মূখত হাঁহি বিৰিঙাব মাতৃয়ে সদায়ে নিজৰ দূখ বেদনা একাষৰীয়া কৰি কষ্টকো কষ্ট নেভাবি দৈনন্দিন জীৱনত কিমানে অভিমন্যুৰ দৰে চক্ৰবেহু সদৃশ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈ আছে, আমি নাজানো। নাৰীয়ে সৃষ্টি কৰে, নাৰীয়ে ধ্বংস কৰে।

এচাম নাৰীয়ে যদি আকাশ স্পৰ্শ কৰিব হাবিয়াস আন এচামে আকৌ আপোনাৰ নাক কাটি সতীনীৰ যাত্ৰা ভংগ কৰিব বিচৰা নাৰীৰ চক্ৰান্তত মানসিক অশান্তিয়ে জীৱন মৰিচিকাত ভাৰাক্ৰান্ত হয় । শাৰীৰিক অসুস্থতাকো আওকাণ কৰি মাতৃ সূলভ মৰমেৰে আমাৰ পথপ্ৰদৰ্শক হিচাপে গামোচাৰে মৰম আৰু সন্মান প্ৰদান কৰি থকা মূহুৰ্ততে চকুৰ পলকতে উপহাৰৰ টোপোলাৰ গামোচা নোহোৱা কৰিব বিচৰা নাৰীৰ চক্ৰান্তত নাৰী জাতি কলংকিত হৈছো নেকি? জীৱন মসৃণ কৰিবলৈ এজনীয়ে আন এজনীৰ হাতত হাত ৰাখি খোজত খোজ মিলাই আগবাঢ়িব লাগিব।