গামোচাখন আমাৰ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
সাজ পোচাকেও এটা জাতিৰ ঐতিহ্য বহন কৰে । জাতীয় সাজ পোচাক যোৰেও আমাক বিশ্ব দৰবাৰত পৰিচয় কৰাত সহায় কৰে।
হয় আমাৰ অসমীয়াৰ গামোচাখন মান -সন্মান স্বাভীমানৰ প্ৰতীক। বিহু,বিয়া বাৰু পূজা পাৰ্বন সকলোতে ব্যৱহাৰ হয়। আনকি অতিথি আহিলেও গামোচাখনেৰে আদৰণি জনাওঁ।গামোচাখনে আমাক অসমীয়া বুলি পৰিচয় কৰাই দিছে বিশ্ব দৰবাৰত। গামোচাখন আমাৰ অসমীয়াৰ হৃদয়ৰ এফাল বুলি ক’লেও ভুল নহয়। মোৰ লগত ঘটা ঘটনা এটিৰ কিছু অংশ দাঙি ধৰিলোঁ।
মোৰ ডাঙৰ ল’ৰাটো জন্মতে খুব কান্দিছিল গুৱাহাটীত বিভিন্ন ডাক্তৰৰ পৰামৰ্শ লৈছিলোঁ । ডাক্তৰে হেণ্ডিকেপ বুলি ক’লে,এনে সন্তানৰ বিশেষ ভাৱে পৰিচৰ্যা কৰিব লাগিব। শুনি আমি দুয়ো পিতৃ- মাতৃৰ হৃদয় কপি গৈছিল,এবছৰ হওঁতে তাৰ চিকিৎসাৰ বাবে চেন্নাইত গৈছিলো । এমাহ চিকিৎসাৰ কাৰণে চেন্নাইত আছিলোঁ, জুলাই মাহত খুব গৰম চিকিৎসালয়ত কেচুৱাটোক গামোছাখনৰে মুচি কাছি দিছিলো ।গামোচাখন দেখি এজন অসমীয়া ল’ৰাই কাষত আহি সুধিছিল, বাইদেউ আপুনি অসমৰ পৰা আহিছে ।ল’ৰাটো চেন্নাইত ইঞ্জিনীয়াৰিং পঢ়ি আছিল ,সিদিনা খুড়াকক চাবলৈ গৈছিল । আমাৰ লগত চিনাকী হৈ আমি থকা কেইদিন প্ৰায়ে আমাৰ খবৰ লৈছিল ,বাবাক এবাৰ হলেও কোলাই লৈছিল ,নাপাহৰো ভাইটিতোক । তাক ইশ্বৰে মঙ্গল কৰক ।
আমাৰ অসমীয়াৰ মান -স্বাভিমান গৌৰৱৰ গামোচাখনেই আমাক পৰিচয় কৰাই দিছিল ভাইটিজনৰ সৈতে—