গামন সেতু বন্ধ থাকিব দুই মাহ – যাতায়াতত সাময়িক অসুবিধা, নিৰাপত্তাৰ বাবে এন এইচ আই ডিসি এলৰ দৃঢ় পদক্ষেপ
শিলচৰ,ৰঙিলী বাৰ্ত্তাসেৱা- কাছাৰ জিলাৰ বদৰপুৰঘাটস্থিত ঐতিহাসিক গামন সেতু দুমাহৰ বাবে যানবাহন চলাচলৰ পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব বুলি জনোৱা হৈছে। ২১ মে’ ২০২৫ৰ পৰা ২০ জুলাই ২০২৫লৈকে এই সেতুৰে কোনো ধৰণৰ গাড়ী চলাচল নহ’ব। ভাৰতৰ সড়ক পৰিবহণ আৰু মহাসড়ক মন্ত্ৰালয়ৰ অধীনস্থ ন্যাশনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰ্প’ৰেছন লিমিটেড (NHIDCL)-এ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সেতুৰ গঠনগত মজবুতি আৰু যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সংবাদমাধ্যমক জনোৱা হৈছে।
বৰাক নদীৰ ওপৰত অৱস্থিত ৩৫৯.৮০ মিটাৰ দৈৰ্ঘ্যৰ এই গামন সেতু ৰাষ্ট্ৰীয় সড়ক নং ৪৪ (বর্তমান NH-06)-ৰ অংগভুক্ত আৰু কিলোমিটাৰ ২০০.৮৯৪ স্থানত অৱস্থিত। ৩ জুলাই ২০২০ তাৰিখে জাৰি হোৱা এক প্রজ্ঞাপনৰ জৰিয়তে এই পথখিনি NHIDCL-ক অর্পণ কৰিছিল মন্ত্ৰালয়ে। বহু বছৰ ধৰি এই সেতু কেবল স্থানীয় লোকসকলৰ যাতায়াতৰ বাবে নহয়, বাণিজ্যিক গাড়ীসমূহৰ বাবে এক ভৰসাৰ যোগ্য সংযোগপথ হিচাপে কাম কৰি আহিছে।
NHIDCL-এ Control of National Highways (Land & Traffic) Act, 2002 ৰ ধারা ৩১ আৰু ৩৩ অনুসৰি এই সেতু দুমাহৰ বাবে বন্ধ কৰি ধাৰাবাহিক মেরামতি কাম চলাব। এই সিদ্ধান্ত ‘ভারতমালা’ প্ৰকল্পৰ অধীনত ৰাষ্ট্ৰীয় পৰিসৰৰ উন্নয়নৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছে, যিয়ে কেৱল সেতুৰ টেকসইতা বৃদ্ধি নহয়, বৰং ভবিষ্যতৰ নিরাপত্তাকো নিশ্চিত কৰিব। যদিও সাময়িকভাৱে এই পদক্ষেপে স্থানীয় লোকসকলৰ দৈনন্দিন যাতায়াতত অসুবিধা সৃষ্টি কৰিব পাৰে, তথাপিও এই উদ্যোগ দীৰ্ঘমেয়াদী লাভালাভৰ দৃষ্টিৰে এটা ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হৈছে।
সংশ্লিষ্ট বিভাগে জনসাধাৰণ আৰু পৰিবহণ সংস্থাসকলক আহ্বান জনাইছে যাতে সকলোৰে সহযোগিতাৰে বিকল্প পথ ব্যৱহাৰ কৰি এই সময়ছোৱা অতিক্ৰম কৰা যায়। NHIDCLৰ ব্যবস্থাপনা সঞ্চালক তথা হাইৱে প্ৰশাসক কৃষণ কুমাৰে স্বাক্ষৰ কৰা এই আদেশখনত ‘আজাদি কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে পৰিকাঠামোগত মানোন্নয়নৰ প্রতিশ্রুতি পুনৰ ব্যক্ত কৰা হৈছে।
এই সংবাদটো শিলচৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক চৰকাৰী প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে জনসাধাৰণলৈ প্ৰেৰণ কৰা হৈছে।