গান- সত্যজিৎ গগৈ

PC - 123RF
গান
সত্যজিৎ গগৈ
নাহৰকটীয়া
এটা গানৰ কথা কৈ কৈ
তেওঁ ঘুৰি ফুৰে চৌদিশ
মিঠা মিঠা ভাষাৰ
সুৱদি সুৰীয়া…
তেওঁৰ গানত থাকে
প্রতিশ্রুতিৰ কথা
ওখ আকাশ চোৱাৰ কথা
আৰু ৰজা হোৱাৰ কথা…
কান্ধত ওলমি থকা
গানৰ মোনাখনত
এটা নিৰ্দিষ্ট গান থাকে
সাপ ভেকুলী হোৱাৰ গান…
ৰাজপথত গান
খেলপথাৰত গান
চোতালত গান
ৰাজসভাত গান…
গানটোৰ মাজেৰেই তেওঁ
বিক্ষোভৰ দেৱাল ভাঙি
এটা বাট প্ৰশস্ত কৰে
আৰু আমাৰ মিছিল…
যি গানৰ কথা কয় তেওঁ
সেই গানে কঢ়িয়াই আনে
বিভৎসতাৰ বলিয়া বান
উটুৱাই নিয়ে পথাৰৰ ধান ।।