গানৰ ঈশ্বৰ
ত্ৰৈলোক্য নীল ডেকা
গানেৰে জগত সভালৈ যোৱা,
যাযাবৰী শিল্পী তুমি।
লুইতৰ বুকুত উদ্ভাসিত সুৰুয তুমি,
গানেৰে জগত জিনি,
বিশ্ব সভাত অসমীয়াৰ চিনাকি দি,
হলা তুমি জনতাৰ হিয়াৰ মণি।
তোমাৰ গানত আছে
দিশহাৰা জনৰ জীৱনৰ ছন্দ,
তোমাৰ গানত আছে,
বিপ্লৱী মনৰ প্ৰতিবাদী কণ্ঠ ।
তোমাৰ গানে কৈছিল,
কেচা মাটি আৰু মানুহৰ সম্পৰ্ক।
পূবৰ পৰা পশ্চিমলৈ,
উত্তৰৰ পৰা দক্ষিণলৈ,
সকলোতে মানৱতাৰ গান গোৱা,
গানৰ ঈশ্বৰ তুমি,
তুমিয়েই সুধাকণ্ঠ,
তুমিয়েই বিশ্ববৰণ্য,
তুমি আজি বিশ্ববন্দিত।