গান্ধী জয়ন্তী দিৱসৰ লগত সংগতি ৰাখি খাগ্ৰাবাৰী জনতা হাইস্কুল অৱসৰ প্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্ধনা
অমৰজিৎ ৰাভা, ওদালগুৰি, বাৰ্ত্তাসেৱা- আজি ২ অক্টোৱৰ জাতি পিতা মহাত্মা গান্ধীৰ ওপজাদিন উপলক্ষে সমগ্ৰ দেশতে উলহ মালহৰে গান্ধী জয়ন্তী দিৱস উদযাপন কৰা হৈছে। সমান্তৰালকৈ ওদালগুৰি জিলা খাগ্ৰাবাৰী জনতা হাইস্কুলতো তিনিজনকৈ অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্ধনা জনোৱাৰ লগত সংগতি ৰাখি খাগ্ৰাবাৰী জনতা হাইস্কুল পৰিচালনা সমিতিৰ উদ্যোগত শিক্ষক কেৰাণীসহ চকিদাৰ সৰ্বমুঠ তিনি গৰাকী লোকক বিদায় সম্বৰ্ধনা জনোৱাৰ লগত সংগতি ৰাখি গান্ধী জয়ন্তী দিৱস উদযাপন কৰা হৈছে। উল্লেখ্য যে ১৯৭৫ চনত অসমীয়া মাধ্যম আৰু ১৯৯২ চনত বড়ো মাধ্যম স্থাপিত হোৱা খাগ্ৰাবাৰী জনতা হাইস্কুল আজিলৈ প্ৰাদেশীকৰণ হোৱা নাই। যাৰ পৰিপেক্ষিতত শিক্ষক সকলে দুকুৰি বছৰ ধৰি বিনা বেটনৰে শিক্ষকতা কৰি আজি অৱসৰপ্ৰাপ্ত হৈছে হিন্দী বিষয়ৰ শিক্ষক হাবেল দৈমাৰী, কেৰাণী তনু ৰাম ডেকা, আৰু অতি দুখৰ বিষয় চকিদাৰ শনিৰাম নাজদাৰ চাকৰী অৱসৰ হোৱাৰ চাৰিমাহ পূৰ্ৱেই ইহলীলা ত্যাগ কৰাক লৈ প্ৰধান শিক্ষক জামুৰ বাহাদুৰ চেত্ৰীয়ে আজিৰ দিনটোত অতি দুখ প্ৰকাশ কৰে। আৰু উক্ত বিদায় সম্বৰ্ধনাত উপস্থিত থাকে ক্ৰমে ৩২ নং ভেৰগাও পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বিটিচি কাৰ্যবাহী সদস্য দাওবাইছা বড়ো লগতে ওদালগুৰি জিলা শিক্ষা পৰিদৰ্শক ভূমীধৰ বড়োসহ জনতা হাইস্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অৱসৰ প্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে জাতী পিতা মহাত্মা গান্ধীৰ ওপজা দিনত গান্ধী জয়ন্তী দিৱস উদযাপন কৰাৰ পৰিলক্ষিত হয়।