গান্ধী জয়ন্তীত শুভ উদ্বোধন হ’ব “মাজুলীৰ সাহিত্য” ৰ  ” হস্তশিল্প প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰ”

গান্ধী জয়ন্তীত শুভ উদ্বোধন হ’ব “মাজুলীৰ সাহিত্য” ৰ  ” হস্তশিল্প প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰ”
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  আউনীআটী সত্ৰৰ কেইবা শ বছৰীয়া ঐতিহ্যৰ বাহক হেঙুল হাইতেল বুলোৱা বেতৰ বিচনীৰ প্ৰস্তুত আৰু উৎপাদনক মুখ্য বিষয় ৰূপে এটা হস্তশিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰ গান্ধী জয়ন্তীৰ শুভ ক্ষণত উদ্বোধন ঘটিব। স্বেচ্ছাসেৱী সংগঠন “মাজুলীৰ সাহিত্য” ৰ উদ্যোগত গঠিত “হস্তশিল্প উন্নয়ন সমিতি, আউনীআটী” য়ে উক্ত কেন্দ্ৰটি পৰিচালনা কৰিব। আউনীআটী সত্ৰৰ মূল কৰাপাটৰ সন্মুখত  সম্প্ৰতি ভাড়াঘৰত আৰম্ভ হ’ব লগীয়া কেন্দ্ৰটিত বেতৰ বিচনী  প্ৰস্তুতৰ প্ৰশিক্ষণ দিয়াৰ লগতে বিক্ৰীও কৰা হ’ব। কেন্দ্ৰটিত ইয়াৰ বাদেও বাঁহ,বেত,কাঠ,মুখা আৰু সাঁচিপাত প্ৰস্তুত তথা লিখন আদি বিভিন্ন শিল্পৰো প্ৰশিক্ষণ দিয়া হ’ব। উল্লেখযোগ্য,যোৱা গ্ৰীষ্মকালীন বন্ধত বেতৰ বিচনী প্ৰস্তুতৰ এটা এমহীয়া কৰ্মশালা অইল ইণ্ডিয়া লিমিটেডৰ পৃষ্ঠপোষকতাত মাজুলীৰ সাহিত্যই সম্পন্ন কৰিছিল। ত্ৰিশ গৰাকী যুৱক – যুৱতীক উক্ত প্ৰশিক্ষণে সামৰি লৈছিল। সেই প্ৰশিক্ষিত যুৱক- যুৱতীসকলৰ দ্বাৰা উক্ত কেন্দ্ৰটিৰ যোগে বেতৰ বিচনী হস্তশিল্পবিধক উদ্যোগীকৰণ কৰিব পৰা যায় তাৰ লক্ষ্য নিৰ্ধাৰণ কৰি স্বেচ্ছাসেৱী সংগঠনটোৱে এই পদক্ষেপ হাতত লৈছে। হেঙুল হাইতেল বুলোৱা বেতৰ বিচনী, হেঙুল হাইতেল বুলোৱা কাঠৰ শৰাই,গছা- খুন্দনা আদি প্ৰস্তুতৰ প্ৰশিক্ষণ কিম্বা ক্ৰয় কৰিব বিচৰা ইচ্ছুক লোকে ৯১০১১১৫৬৪৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।