গান্ধীনগৰত জয়ী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

গান্ধীনগৰত জয়ী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা- দ্বিতীয়বাৰলৈ গান্ধীনগৰত জয়ী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কংগ্ৰেছৰ ছোনাল ৰমনভাই পেটেলক চাৰে চাৰি লাখৰো অধিক ভোটত পৰাস্ত কৰি দ্বিতীয়বাৰ লোকসভালৈ নিৰ্বাচিত হ’ল বিজেপিৰ শীৰ্ষ নেতাগৰাকী। ২০১৯ চনত ৫লাখ ৫৭ হাজাৰ ভোটৰ ব্যৱধানত গান্ধীনগৰ দখল কৰিছিল অমিত শ্বাহে। অমিত শ্বাহৰ পূৰ্বে গান্ধীনগৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানীৰ দৰে বিজেপিৰ প্ৰতিষ্ঠাপক নেতা। অটল বিহাৰী বাজপেয়ীয়ে ১৯৯৬ চনত আৰু লাল কৃষ্ণ আদৱানীয়ে ২০১৪ চনত জয়ী হৈছিল গুজৰাটৰ গান্ধী নগৰত।