গান্ধীজীৰ একাদশ ব্ৰত – বন্দিতা শৰ্মা কন্দলি

গান্ধীজীৰ একাদশ ব্ৰত

বন্দিতা শৰ্মা কন্দলি

মহামানৱ মহাত্মা গান্ধীক আমি সকলোৱে ‘জাতিৰ পিতা’ হিচাপে চিনি পাওঁ নহয় জানো! তেওঁৰ সম্পূৰ্ণ নাম হৈছে মোহনদাস কৰমচাঁন্দ গান্ধী । তেওঁ অহিংসাৰ মহামন্ত্ৰৰে জনগণৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। অহিংসা মন্ত্ৰত কোনো জাতি,ধৰ্ম, উচ্চ- নীচ, সৰু ডাঙৰ কোনো প্ৰভেদ নাই। গান্ধীজীয়ে বিভিন্নতাৰ মাজত একতা বিচাৰিছিল।সকলোৱে হিংসা,খেয়াল,যুদ্ধ বিদ্ৰোহ,মান অভিমান আদি সমস্ত ভেদাভেদ পৰিহাৰ কৰি বিশ্বৰ মানৱক একতাৰ দোলেৰে বান্ধ খাই সৌম্য,মৈত্ৰী, শান্তি, সহনশীলতা আৰু সহাৱস্থান আদি অহিংসা নীতিৰে তেওঁ মানৱৰ কল্যাণ সাধনত ব্ৰতী হৈছিল। ছাত্ৰ সমাজক সুশৃংখল ,সুনাগৰিক হৈ সুস্থ সমাজ গঢ়ি তুলিব পৰাকৈ একাদশ ব্ৰতৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল। তেওঁৰ একাদশ ব্ৰত আছিল এনেধৰণৰ

অহিংসা সত্যমস্তেয় ব্ৰহ্মচৰ্যম্ অসংগ্ৰহ।

শৰীৰ শ্ৰমস্বাদ সৰ্বত্ৰ ভয় বৰ্জ্জনম।।

সৰ্বধৰ্মে সমানত্ব স্বদেশী স্পৰ্শ ভাৱনা।

হী একাদশ সেৱবী নম্ৰতে ব্ৰত নিশ্চয়।

এই একাদশ ব্ৰতে আমাক কি কৈছে বুজি পাইছানে বাৰু! সেই কেইটা হৈছে -১)সত্য ২) অহিংসা ৩) ব্ৰহ্মচৰ্য ৪) আস্বাদন নিয়ন্ত্ৰণ ৫) চুৰ নকৰা ৬) অধিক সম্পত্তি নৰখা ৭) শাৰীৰিক পৰিশ্ৰম ৮) স্বদেশী ৯) নিৰ্ভীকতা ১০) অস্পৃশ্যতা দূৰীকৰণৰ ১১) সহিষ্ণুতা ।

আমাৰ দেশ ভাৰতবৰ্ষৰ সংস্কৃতিয়েই হৈছে অহিংসা নীতি। সেইবাবে ভাৰতীয় সভ্যতা- সংস্কৃতি অতিমহান আৰু বিশ্ববাসীৰ অতি আদৰণীয়। সেয়েহে গান্ধীজীয়ে অহিংস অসহযোগ আন্দোলন,ভাৰত ত্যাগ আন্দোলন, ভাৰতবাসীক স্বাৱলম্বী কৰাৰ কাৰণে বুনিয়াদী শিক্ষাৰ প্ৰবৰ্তন, কুটিৰ শিল্পৰ প্ৰচলন, হৰিজন আন্দোলনৰ জৰিয়তে সমাজৰ অৱহেলিত সম্প্ৰদায়ৰ উন্নতি সাধনত ব্ৰতী হৈ পৰিছিল। গান্ধীজীৰ মতে আদৰ্শ শিক্ষাব্যৱস্থা অৰ্থাৎ সৎ চৰিত্ৰ, নৈতিকতা,সমতা, সহানুভূতি, আধ্যাত্মিক বিকাশ আদিৰ জৰিয়তে মূল্যবোধৰ শিক্ষাই সমাজক সত্য আৰু অহিংসাৰ পথত অগ্ৰসৰ হোৱাত সহায় কৰে।দেশমাতৃৰ প্ৰতি থকা অগাধ ভক্তিৰ বাবেই গান্ধীজীয়ে আৰামী জীৱন ত্যাগ কৰি সাধাৰণ জীৱন যাপন কৰিছিল। তেওঁ ১৯৪৮ চনৰ ৩০ জানুৱাৰীত ইহলীলা সম্বৰণ কৰে। দেশৰ প্ৰতি থকা ত্যাগৰ বাবেই তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ জন্ম দিন ২অক্টোবৰ দিনটোত প্ৰতিবছৰে ‘গান্ধী জয়ন্তী ‘ হিচাপে পালন কৰি তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ দেশবাসীক আহ্বান জনোৱা হয়।