গাখীৰ আৰু Muskmelon বা তৰমুজ
এই প্ৰচণ্ড গৰমত যি কোনো চৰবত বা ঠাণ্ডা মিল্ক shake এগিলাচ খালে দেহ মন জুৰ পৰি যায়। পিছে, সকলো ফলৰ মিল্ক shake খাব নোৱাৰি আৰু খোৱা উচিতো নহয়। বগা তৰবুজ বা তৰমুজ যাক ইংৰাজীত কোৱা হয় muskmelon মিঠা আৰু যথেষ্ঠ পৰিমাণৰ পানীৰে ভৰা এবিধ জহকালিৰ ফল। মুম্বাইৰ, পুষ্টিকৰ আহাৰৰ তালিকা কৰা ( Nutritionist ) এগৰাকীয়ে কৈছে যে, muskmelon আৰু গাখীৰ অন্ততঃ একেলগে খাব নালাগে।
Healthy digestive syestem –
যি সকলৰ হজম শক্তি কম আৰু কৌষ্ঠকাঠিন্য আছে, সেই সকলৰ বাবে muskmelon ত থকা উৎকৃষ্ট আহ ( high fibre ) আৰু পানীয়ে বহুত সহায় কৰে। ই কৌষ্ঠকাঠিন্য দূৰ কৰি পেটত এক সুস্থিৰতা আনে। এই ফলত থকা fibre য়ে আনকি যেতিয়াই তেতিয়াই কিবা খাওঁ খাওঁ লাগি থকা ভাৱটোও নোহোৱা কৰে।
Immunity booster –
এইবিধ ফল চি ভিটামিনেৰে ভৰপূৰ আৰু প্ৰতিজাৰক অৰ্থাৎ antioxident ৰ বাবে ই অনাক্ৰম্যনতা ( immunity ) বঢ়োৱাত বহু খিনি সহায় কৰে। লগতে এই ফলত আছে, beta- carotene আৰু এ ভিটামিন।
Promotes weight loss –
শৰীৰৰ ওজন কমোৱাৰ ক্ষেত্ৰত এই ফলৰ অৰিহণা বহুত কাৰন ইয়াত কেলৰি বৰ কম পৰিমাণৰ থাকে। পানীৰে ভৰি থকা এই ফল খালে বেলেগে সঘনাই পানী খাবলৈকো মন নোহোৱা কৰে
Relieves menstrual cramps –
মাহেকীয়া হোৱাৰ সময়ত বহু নাৰীয়েইপেটৰ বিষ বা cramps ত ভুগিব লগীয়া হয়। যদি এই বিষৰ উপশম পাবলৈ কোনোবাই দৰব খাবলৈ ইচ্ছা নকৰে বা গৰম পানীৰ সেক লবলৈ ইচ্ছা নকৰে, তেন্তে muskmelon খোৱা দৰকাৰ। ই menstrual flow ঠিকমতে হবলৈ সহায় কৰাৰ লগতে তেজৰ চেকুৰা গলাই, পেশীৰ বিষ উপশম কৰাতো সহায়ক হব।
Muskmelon আৰু গাখীৰ কিয় একেলগে খাব নালাগে –
প্ৰতিটো আহাৰত হজম হোৱাৰ পৰিণতি বেলেগ। খোৱা বস্তু দুটা একেলগ হলে পেটৰ ভিতৰত হোৱা হজমৰ মাত্ৰাৰ হেৰফেৰ হোৱা সম্ভাৱনাই অধিক। সকলোৰে নহব পাৰে কিন্তু সেইবুলি muskmelon আৰু গাখীৰ একেলগে খোৱা অনুচিত কিয়নো বহু লোকৰ এই combination সহ্য নহয়।
গাখীৰে সাধাৰণতে জুলাপৰ কাম কৰে, ( laxative ), আনহাতে muskmelon য়ে শৰীৰৰ ভিতৰৰ পৰা আমাৰ toxin সমুহ ওলাই অহাত সহায় কৰে। গাখীৰ হজম হোৱাত সময় লাগে, গতিকে দুয়োটা মিলাই খালে হজমত ব্যাঘাত ঘটিব পাৰে লগতে গোটেই দিনটো এক অস্বস্তিত থাকিব লগীয়াও হব পাৰে।
দেৱীকা বৰপূজাৰী
মুম্বাই
