গাঁৱৰ ঘৰে পথাৰে আম আদমি পাৰ্টী

Pc Dainandin Barta

গাঁৱৰ ঘৰে পথাৰে আম আদমি পাৰ্টী

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৪ ৰ সাধাৰণ নিৰ্বাচনলৈ টঙালি বান্ধিছে আম আদমি পাৰ্টীয়ে৷ সাংগঠনিক ভেটি সুদৃঢ় কৰাত উঠিপৰি লাগিছে আপে৷ যোৱা ১৫ নৱেম্বৰৰ পৰা দলটোৱে “গাঁৱলৈ যাত্ৰা” কাৰ্যসূচী গ্ৰহণ কৰিছে৷ আপৰ এই ব্যতিক্ৰমী কাৰ্যসূচীৰ সকলোৱে শলাগ লৈছে৷ যাত্ৰাৰ নামত ঘাইপথে ঘাইপথে ৰেলী নকৰি গাঁৱৰ লোকসকলৰ মাজত সোমাই পৰিছে আপ৷ গাঁৱৰ অসুবিধা সমূহৰ বুজ ল’বলৈ, কৃষক ৰাইজৰ দুৰৱস্থাত ক্ষন্তেক সকাহ হ’বলৈ আৰু বুঢ়ামেথাৰ আশীৰ্বাদ ল’বলৈ আপে গাঁৱে পথাৰে ঘূৰিছে৷ সোমবাৰে ধেমাজীৰ জোনাইত আপৰ গাঁৱলৈ যাত্ৰা কাৰ্যসূচী অংশগ্ৰহণ কৰে উঃপূঃ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডা° ভবেন চৌধুৰী আৰু ৰাজ্যিক সম্পাদক ভিক্টৰ গগৈয়ে৷ প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ডা° ভবেন চৌধুৰীয়ে কয় যে ধেমাজীৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধানত ব্যৰ্থ হৈছে চৰকাৰ৷ ৰাইজৰ কাতৰ আহ্বানকো কেৰেপ নকৰি বিজেপি চৰকাৰে লুণ্ঠনৰাজতহে গুৰুত্ব আৰোপ কৰিছে৷ তেজপুৰৰ ৰঙাপৰাতো আপৰ গাঁৱলৈ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই উদ্ঘাটন কৰা এই কাৰ্যসূচীত শোণিতপুৰ জিলাৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে৷ ঠিক তেনেদৰেই তেজপুৰ, হোজাই, ডিব্ৰুগড়, বিশ্বনাথ, কামৰূপ গ্ৰাম্য, কাৰ্বি আংলং আৰু নগাঁৱতো ব্যাপকভাৱে আপৰ গাঁৱলৈ যাত্ৰা কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়৷ ৰাজ্যিক সমিতিৰ হৈ উপ-সভাপতি ৰাজীৱ শইকীয়া, সাংগঠনিক সম্পাদক আলাল উদ্দিন আহমেদ, ব্ৰজেন সন্দিকৈ, মহিলা শক্তিৰ সভাপতি অনুৰূপা বড়ো আৰু আপৰ পাৰিষদ মাচুমা বেগমেও ভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷