গাঁৱলীয়া জীৱনৰ আত্মকথা
আমাৰ অসমখন বিশেষকৈ কৃষিপ্রধান ৰাজ্য গতিকে বহুত সংখ্যক মানুহে বিশেষকৈ খেতিৰ ওপৰতে নির্ভৰ কৰি গোটেই দিশবোৰ চলাই নিব লগা হয় ৷ বিশেষকৈ ল’ৰা ছোৱালী পঢ়া খৰছৰ পৰা তেল নিমখ কিনালৈকে খেতিটোৰ ওপৰতে যিসকলে ভৰষা কৰি চলে, তেওঁলোকে বুজে খেতিটোৰ বাবে বতৰৰ ওপৰত যে কিমান নির্ভৰ কৰিব লগা হয় ৷বিশেষকৈ খৰাং বতৰ ,বানপানীৰ সমস্যা আমাৰ ৰাজ্যত সঘনাই দেখা দিয়া এটা পুৰণি সমস্যা ,যিটোৰ সমাধান আজিলৈকে হোৱা দেখা নাযায় ৷যিমানেই উন্নত বীজ আহক লাগে ,উন্নত যন্ত্রপাতিৰ প্রয়োগ হওঁক লাগে এই সমস্যাৰাজিৰ সমাধান অতিকৈ জৰুৰী৷জলবায়ুৰ পৰিবর্তনৰ বাবেই গোলকীয় উষ্ণতা বৃদ্ধি পাইছে যাৰ প্রভাৱ সমগ্র মানৱ জাতিৰ ওপৰতে পৰে ,ইয়াৰ বাবে দায়ী আমি মানুহেই ৷ গছবন ,হাবি জংঘল কাটি নতুন ধৰণৰ এখন পৃথিৱী গঢ়া সপোন দেখিছো ৷ কিন্ত মানুহে গঢ়া পৃথিৱীখনকৈ ভগৱানে সৃষ্টি কৰা প্রাকৃতিক সৌন্দৰ্যৰ পৃথিৱীখনৰ কেতিয়াও তুলনা নহয় ৷ প্রকৃতিৰ অনবদ্য অৱদানক আমি স্বীকাৰ কৰিবই লাগিব ৷
এইখিনিতে এটা কথা কব বিচাৰো গাঁৱৰ পৰিবেশো দিনক দিনে সলনি হোৱা চকুত পৰে৷ প্রায়বিলাক গাঁৱত নগৰীয়া এক পৰিবেশ বিৰাজমান ৷ গাঁওবোৰ গাওঁ হৈ থাকিলেই ভাল ,তাত কৃত্রিমতাৰ পৰশ পৰিলেই সকলোবোৰ খেলিমেলিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই প্রকট ৷গাঁৱৰ সেই নিভাঁজ আন্তৰিকতাখিনিয়ে ৰিঙিয়াই মাতে,সেই আন্তৰিকতা সদায়ে থাকক তেতিয়াহে মানবীয়তা থাকিব ,তেতিয়াহে প্রকৃত অর্থত সুস্থ সবল সমাজ গঠন হ’ব ৷ বর্তমান সময়ত আদর্শ গাঁওৰ মৰ্যদা দি গাঁওসমুহ অধিক উন্নত কৰিবলৈ যি প্রচেষ্টা হাতত লোৱা হৈছে সেয়া সুন্দৰ পদক্ষেপ,তাৰ সমান্তৰালকৈ মানুহৰ মাজত থকা আন্তৰিকতা ,প্রমুল্যবোধ ,নৈতিকতা,মানৱীয়তা ইত্যাদি দিশবিলাকতো গুৰুত্ব দিয়া উচিত হ’ব বুলি ভাবো ৷ মানুহৰ মাজত প্রেম ,ভাতৃত্ববোধ ,একতা ,সমতা থাকিবই লাগিব৷ এইখিনি কেৱল গাঁও বুলি নহয় নগৰ ,চহৰ তথা ভিন্ন প্রান্তত থকা প্রত্যেকজন ব্যক্তিৰ মাজতে থকা উচিত৷
পংপঙাই ফুৰা সময়ৰ কিছুমান কাম মানসপটত ভাঁহি থাকে ,কোনোৱা এক সময়ত ভৰাই তোলে হৃদয়াবেগ৷ য’ত আছিল আনন্দৰ মধুৰ অনুভৱ৷ সোণালী সূতাৰে মনৰ মণিকোঠাত বান্ধ খাই থকা বহুতো ঘটনাই বহু ব্যস্ততাৰ মাজতো সময়ে সময়ে খলকনি তোলে ৷ *লৰালিৰ* ধেমালি সঁচাই ভাবি থাকিলেও নালাগে আমনি ৷ স্কুলৰ পৰা আহিকিতাপ ফলি টেবুলতে থৈ কর্কৰা ,পইচা ভাত এমুঠি পেটত ভৰাই পথাৰলৈ দৌৰি গৈ ক’ত চেঁচু পায়,কত শেলুক পাই বিচাৰি ফুৰা,তদুপৰি নুনী গছৰ পৰা নুনী পাৰি খোৱা ,বগৰী ,লেটেকু পনিয়ল আদি কোঁচ ভৰাই আনি সকলোৰে মিলি জুলি খোৱাৰ যি আমেজ সঁচাই অর্বণনীয় ৷
আম গছৰ পৰা দলিয়াই ফৰমুঠিয়াই আম পাৰি আনি চকল চকলকৈ নিমখ ,জলকীয়াৰ সৈতে কলপাতত খোৱাৰ যি মৌ মিঠা সোৱাদ সেয়া অনন্য আমেজসনা৷ আগতে প্রত্যেকৰে ঘৰত ল’ৰা ছোৱালী তিনি চাৰিটা থাকে ,গতিকে ঘৰখনো গমগমীয়া হৈ থাকে ৷ প্রত্যেকেই কামে কাজে লাগি যায় ,কোনোৱাই যদি ঘৰখনৰ কামত সহায় কৰি দিয়ে ,কোনোটোৱে আকৌ বেলেগ কাম বজাৰ সমাৰ আদিও কৰিছিল ,তাৰ মাজতে পঢ়া শুনা আছিল ,পঢ় পঢ়কৈ চিঞৰি থাকিবলগাও হোৱা নাছিল ,পুৱাতে উঠি ঢৰা পাটি ,টেবুল ইত্যাদিত যিয়ে যেনেকৈ পাৰে তেনেকৈয়ে সুবিধা কৰি লৈ পঢ়িছিল ৷ সেই দিনবিলাকৰ কথা মনত পৰিলে অনুভৱ হয় আগৰ তুলনাত বর্তমানৰ ল’ৰা ছোৱালীয়ে উভৈনদীকৈ সুবিধা পাইছে ৷ প্রায়ে মানুহৰ ঘৰতে এটা বা দুটা ল’ৰা ছোৱালী গতিকে যিহকে লাগে কয় তাকে পায় ,কষ্টও কৰিবলগা নহয়৷ জাকৰুৱা ল’ৰা ছোৱালীয়ে যিমান কষ্ট কৰি নিজক প্রতিষ্ঠা কৰিছিল ৷