গহপুৰ, বিহালীত আপৰ কৰ্মকৰ্তা সন্মিলন

গহপুৰ, বিহালীত আপৰ কৰ্মকৰ্তা সন্মিলন

ৰঙিলী বাৰ্ত্তাসেৱা- আম আদমী পাৰ্টিৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ নিৰ্বাচনী ৰণকৌশলৰ অংশ হিচাপে সোমবাৰে গহপুৰ আৰু বিহালীত অনুষ্ঠিত হয় দুখনকৈ কৰ্মকৰ্তা সন্মিলন। দলৰ ৰাজ্যিক নেতৃত্বৰ পৰামৰ্শ অনুসৰি গহপুৰত অনুষ্ঠিত কৰ্মকৰ্তা সন্মিলনত বহুসংখ্যক দলীয় নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে দলৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ বিজয় নিশ্চিত কৰাৰ স্বাৰ্থত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰতিনিধি কৰ্ণেল ৰাহুল পানৱাৰে। সন্মিলনত দলৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ উপৰি বিশ্বনাথ জিলাৰ সভাপতি মেহুৱেল বসুমতাৰী, ৰাজ্যিক সাংগঠনিক সম্পাদক অম্লানজ্যোতি বৰুৱায়ো ভাষণ দিয়ে। বিজেপিৰ অপশাসনৰ বিৰুদ্ধে আৰু গণতন্ত্ৰ ৰক্ষাৰ হকে অসমৰ জনসাধৰণক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। বিহালীতো অনুষ্ঠিত হয় আপৰ আন এখন কৰ্মকৰ্তা সন্মিলন। বিহালীৰ বেদেতী অমিয় ভবনত অনুষ্ঠিত কৰ্মকৰ্তা সন্মিলনতো দলৰ সমষ্টি তথা পঞ্চায়ত পৰ্যায়ৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে।