গল চাই মঙহ গিলা
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আধুনিকতাৰ লগে লগেই আমাৰ সমাজ ব্যৱস্থা আৰু মানুহৰ মানসিক চিন্তাধাৰাৰ ওপৰত অভূতপূৰ্ব পৰিবৰ্তন আহিবলৈ ধৰিছে। সেয়েহে আজিকালি নিজৰ ক্ষমতাৰ বাহিৰত গৈয়ো বহু মানুহবোৰে বহু মানুহবোৰৰ আগত নিজকে বহুত ক্ষমতা সম্পন্ন ব্যক্তি বুলি আত্ম প্ৰদৰ্শন কৰাত সকলোৱে উঠি পৰি লগা দেখিবলৈ পোৱা যায়। অৰ্থাৎ আজিৰ সময়ত নিজ ব্যক্তিগত অবস্থা অত্যন্ত সূচণীয় হোৱা সত্বেও জগতৰ আগত নিজকে বহু ক্ষমতা সম্পন্ন ব্যক্তি ৰূপত চিনাক্ত দিবলৈ বিচাৰি যোৱা মানুহৰ সংখ্যা অসংখ্য। কিন্তু আমাৰ অতীততে মানুহবোৰৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া এনে সামান্য আছিল। সেয়েহে তেতিয়াৰ সময়ত মানুহবোৰে আত্ম প্ৰদৰ্শন কৰাতকৈ আত্ম উত্থান উপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল। কিন্তু বৰ্তমান সময়ত আত্ম প্ৰদৰ্শন ওপৰত অধিক বল প্ৰয়োগ কৰাৰ ফলত দিনক দিনে সামাজিক বিশৃংখলতাৰ সৃষ্টি হৈছে নহয়নে ? ‘গল চাই মঙহ গিলা’ বুলি আমাৰ সমাজত প্ৰচলিত বাক্যষাৰ আজিৰ সময়ত যেন এক সাধুকথা। আজিকালি বাহ্যিক প্ৰদৰ্শন জৰিয়তে অধিক ক্ষমতা সম্পন্ন ব্যক্তি ৰূপত নিজকে প্ৰতিষ্ঠা কৰিবলৈ গৈ প্ৰায়বোৰ মানুহৰে পানী হাঁহ নাচৰা অবস্থালৈ পৰিগণিত হৈ পৰিছে। ইয়াৰ পাছতো কিন্তু কিছু মানুহবোৰে জোখতকৈ অত্যধিক পোৱাৰ আশাবোৰ পৰিহাৰ কৰিবলৈ তৎপৰ নহয়। আমি আচলতে কিয় পাহৰি যাওঁ যে এই সৃষ্টিত নিজ নিজ ক্ষমতাৰ বাহিৰত গৈ কোনেওঁ একো আয়ত্ত কৰিব নোৱাৰে। গতিকে আত্ম প্ৰদৰ্শন কৰাতকৈ সদায় আত্ম উত্থানৰ ওপৰত অধিক বল প্ৰয়োগ কৰি জীৱন নিৰ্বাহ কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে এসময়ত গৈ নিজে নিজেই আপোনাৰ ক্ষমতাবোৰ বৃদ্ধি পাবলৈ ধৰিব। সেই তেতিয়া আৰু গল চাই মঙহ গিলিবলৈ ৰখি থাকিব নালাগে। কাৰণ তেতিয়া হয়তো আপুনি মঙহৰ টুকুৰা চাই নিজ গল বহলকৈ মেলিবলৈ সক্ষম হ’ব।