গধূলি বেলিকা – সঞ্জীৱনী বৰা

গধূলি বেলিকা

সঞ্জীৱনী বৰা ,গোলাঘাট

গন্ধ বিভোৰ সন্ধিক্ষণত
শুক্ল পক্ষৰ ৰাতিবোৰে, ভৰাই তুলিছিল
হিংসুক প্ৰাণীবোৰে
শুহি লৈ গ’ল ভাৱনাৰ ডৰিয়লি
ৰ’দে বিদীৰ্ণ কৰিছে মাটিৰ গোন্ধ থকা মন
দানৱীয় ভাষাত কোবাই গ’ল বতাহজাকে
নিশকতীয়া হৈ খহি পৰিল গছৰ ডাল,
খিনাই গ’ল জোনটো,
আকাংক্ষাৰ কথা পাহৰাই পেলালে,
জীৱনৰ সৰুবৰৰ আশ্ৰুকণাই খুন্দিয়াইছে
দূৰ – সুদূৰৰ বলুকাত
আবেগৰ আঁচলবোৰ বান্ধি থৈছো
ধূলিৰ পথটো মনত আছে,
বাঁহজোপাত চিঞৰা শালিকিবোৰৰ
মাত শুনি প্ৰাণ পালো
সন্দেহৰ বতাহে ডাৱৰ হৈ ঢাকি ধৰা
ৰ’দে বিদীৰ্ণ কৰা মন
আকলুৱা আকাশে নমালে
ৰূপালী মুকুতাৰ ৰং।