গতানুগতিকতাৰ স্তৱক
(১)
এখন বহল আকাশৰ ভৰ তাহানিৰে পৰা মোৰ কান্ধত
মোৰ পৃথিৱী আৱৰি মোৰেই উশাহৰ,
মোৰেই নিশাহৰ উষ্ণতা অহৰহ
নিয়ৰে সেমেকা গালতো,
ঠেটুৱৈ শীততো সেই উশাহৰ উষ্ণতা !
(২)
নিঃশব্দ উশাহৰ সুৰুঙাৰে নামি আহা
আজি পুৰণি কথা নকবা
নতুন দিনৰ নতুন কথাবোৰ কবা
নকৈ অঁকা ছবিখনৰ কথা কবা
নদীখন লাহে লাহে
আকাশৰ শেষ সীমাত
লগ হোৱাৰ কথা কবা
আজি নিশা নিঃশব্দে
মোৰ উশাহৰ সুৰুঙাৰে নামি আহিবা !
(৩)
জীৱন আৰু সময়ৰ যুগলবন্দী :
সময়ে নিজে নিজেই কাটি লয়
সেউজীয়াৰ বাট
ধূসৰিত সোঁৱৰণিয়ে দি যায় জীৱনৰ বাটত
হালধীয়া পলস !
জীৱন আগবাঢ়ে , সময় আগুৱায়
উশাহে কেৱল ন-ৰূপত নতুন নাম লয় !
সংগীতা বৰুৱা
গুৱাহাটী