গণ সাহিত্য সাংস্কৃতিক মঞ্চ, মিৰ্জাৰ সৌজন্যত ২০ জুনত মিৰ্জাৰ কিড্ ৱেদাত সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভা দিৱস
ৰঙিলী বাৰ্ত্তাসেৱা- গণ সাহিত্য সাংস্কৃতিক মঞ্চ, মিৰ্জাৰ সৌজন্যত অহা ২০ জুনত আবেলি ৩ বজাৰ পৰা কীড্ ৱেদা,মিৰ্জা কেন্দ্ৰত সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদ্ যাপন কৰা হ’ব। সেইদিনাৰ কাৰ্যসূচীৰ আৰম্ভনিতে ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব মঞ্চৰ সভাপতি প্ৰফুল্ল দাসে আৰু মাল্যদান কৰিব কিড্ ৱেদাৰ অধ্যক্ষা নীলাক্ষী হালৈয়ে। আদৰণী ভাষণ প্ৰদান কৰিব মঞ্চৰ সম্পাদক মুকুল কুমাৰ দাসে।মঞ্চৰ শিল্পীবৃন্দই উদ্বোধনী গীতৰ লগতে সমৱেত কণ্ঠত বিষ্ণু প্ৰসাদ ৰাভাৰ কেইবাটাও গীত পৰিবেশন কৰিব। অনুষ্ঠানত বিশিষ্ট গীটাৰ বাদক তথা সঙ্গীত পৰিচালক দীপ ৰাজবংশীক শিল্পী সম্বৰ্দ্ধনা জনোৱাৰ লগতে যোৱাটো শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মঞ্চৰ তিনিগৰাকী শিশু শিল্পী ্অংকিতা চৌধুৰী, প্ৰীতিশা প্ৰিয়দৰ্শিনী, চুমী ভৰালীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হব। অনুস্থানত কীড্ ৱেদা মিৰ্জা কেন্দ্ৰৰ শিক্ষক আৰু শিক্ষাৰ্থী সকলৰ গীত-মাতৰ বিশেষ অনুষ্ঠানৰ লগতে মঞ্চৰ শিল্পী সকলৰ একক গীত, কবিতা আবৃত্তি আদি অনুষ্ঠান থাকিব। ইয়াৰোপৰি কাৰ্যসূচীৰ অন্যতম অংশ হিচাপে বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ জীৱন দৰ্শণৰ ওপৰত আলোকপাত কৰিব বিশিষ্ট লেখক গোলাপ ভৰালী আৰু মঞ্চৰ সহ সম্পাদক বাসুদেৱ শৰ্মাই।এক প্ৰেছ বিজ্ঞপ্তিযোগে গণ সাহিত্য সাংস্কৃতিক মঞ্চ, মিৰ্জাই অহা ২০ জুনৰ বিষ্ণু প্ৰসাদ ৰাভা দিৱস সাফল্যমণ্ডিত কৰাৰ বাবে অঞ্চলবাসী ৰাইজৰ সহায় আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।