গণৰাজ্য দিৱস – আয়শা ছিদ্দিকা

Pc Times Now

গণৰাজ্য দিৱস

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

গণৰাজ্য দিৱস ভাৰতবৰ্ষৰ ইতিহাসত এক অতি গৌৰৱময় আৰু তাৎপৰ্যপূৰ্ণ তথা স্মৰণীয় দিন। প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত এই দিনটো অত্যন্ত উৎসাহ, শ্ৰদ্ধা আৰু দেশপ্ৰেমৰ মনোভাৱেৰে উদযাপন কৰা হয়। এই দিনটো ভাৰতীয় জনগণৰ আত্মগৌৰৱ, স্বাধীনতা আৰু গণতান্ত্ৰিক অধিকাৰৰ প্ৰতীক। কিয়নো ২৬ জানুৱাৰী ১৯৫০ চনত ভাৰতবৰ্ষই নিজৰ সংবিধান সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰি এখন স্বাধীন, সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে।

ভাৰতবৰ্ষ ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিলেও তেতিয়া দেশখনৰ নিজস্ব স্থায়ী কোনো সংবিধান নাছিল। সেই সময়ত ভাৰত চৰকাৰ আইন(১৯৩৫)অনুসৰি দেশ চলাই থকা হৈছিল। এখন সম্পূৰ্ণ স্বাধীন আৰু আত্মনিয়ন্ত্ৰিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’বলৈ নিজস্ব সংবিধানৰ অত্যন্ত প্ৰয়োজন আছিল। সেই উদ্দেশ্যেই ১৯৪৬ চনত এখন সংবিধান প্ৰণয়ন সমিতি গঠন কৰা হয়। এই সমিতিৰ অধ্যক্ষ আছিল ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু খচৰা সমিতিৰ সভাপতি আছিল ড° ভীমৰাও আম্বেদকাৰ। বহু আলোচনা, বিতৰ্ক আৰু গভীৰ চিন্তাৰ পাছত প্ৰায় তিনি বছৰৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে ভাৰতৰ সংবিধানখন ৰচনা কৰা হয়।

ভাৰতীয় সংবিধান বিশ্বৰ সৰ্ববৃহৎ লিখিত সংবিধান। য’ত  প্ৰায় ৪৭০ অনুচ্ছেদ, বিভিন্ন অনুসূচী আৰু সংশোধনী সন্নিৱিষ্ট কৰা হৈছে। এই সংবিধানত ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ, মৌলিক কৰ্তব্য আৰু ৰাষ্ট্ৰৰ নিৰ্দেশমূলক নীতিসমূহ স্পষ্টভাৱে উল্লেখ কৰা হৈছে। সমতা, স্বাধীনতা, ন্যায়, ভ্ৰাতৃত্ববোধ আৰু মানৱ মৰ্যাদাৰ সন্মান এই সংবিধানৰ মূল আধাৰ। গণৰাজ্য দিৱসত এই সকলো বিষয়বস্তুক স্মৰণ কৰি নাগৰিকসকলে সংবিধান প্ৰণেতা সকলক শ্ৰদ্ধাৰে স্মৰণ কৰি সংবিধানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।

২৬ জানুৱাৰী তাৰিখটো নিৰ্বাচন কৰাৰো এক বিশেষ ঐতিহাসিক গুৰুত্ব আছে। ১৯৩০ চনৰ এই দিনতেই ভাৰতীয় জাতীয় কংগ্ৰেছে লাহোৰ অধিৱেশনত “পূৰ্ণ স্বৰাজ”ৰ ঘোষণা কৰিছিল। সেই ঘোষণাই ভাৰতবাসীক স্বাধীনতাৰ বাবে নতুন আশাৰ সন্ধান দিছিল। সেই ঐতিহাসিক স্মৃতিতেই ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখটো সংবিধান কাৰ্যকৰী কৰাৰ দিন হিচাপে নিৰ্বাচন কৰা হয়।

গণৰাজ্য দিৱসৰ মুখ্য অনুষ্ঠান ৰাজধানী দিল্লীত অনুষ্ঠিত হয়। সেইদিনা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কৰ্তব্য পথত (ৰাজপথ) জাতীয় পতাকা উত্তোলন কৰে আৰু দেশৰ সশস্ত্ৰ বাহিনীয়ে তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে। তাৰ পাছত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ শক্তিশালী পেৰেড অনুষ্ঠিত হয়। এই পেৰেডে ভাৰতৰ সামৰিক সক্ষমতা, শৃংখলাৰ সুন্দৰ পৰিচয় দিয়ে। ইয়াৰ লগতে বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰতো একতাৰ মাধ্যমেৰে ভাৰতৰ বৈচিত্ৰ্য, ঐতিহ্য আৰু সংস্কৃতি বিশ্ববাসীৰ আগত উপস্থাপন কৰা হয়।

গণৰাজ্য দিৱস উপলক্ষে ভাৰত চৰকাৰে বীৰত্ব আৰু সমাজসেৱাৰ বাবে বিভিন্ন বঁটা প্ৰদান কৰে। পদ্ম বিভূষণ, পদ্ম ভূষণ, পদ্মশ্ৰী আদি ৰাষ্ট্ৰীয় সন্মানেৰে দেশৰ বিশিষ্ট ব্যক্তিসকলক সন্মানিত কৰা হয়। এই সন্মানসমূহে নাগৰিকসকলক দেশৰ কল্যাণৰ হকে কাম কৰি যাবলৈ আৰু বেছি উৎসাহিত কৰে।

বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত গণৰাজ্য দিৱস বিশেষ সম্মান আৰু মৰ্যাদাৰে উদযাপন কৰা হয়। পতাকা উত্তোলন, জাতীয় সংগীত, দেশপ্ৰেমমূলক ভাষণ, কবিতা পাঠ, নৃত্য-গীত আৰু নাটকৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলক দেশপ্ৰেম, ঐক্য আৰু শৃংখলাৰ শিক্ষা দিয়া হয়। শিক্ষকসকলে সংবিধানৰ মূল্যবোধ আৰু নাগৰিকৰ কৰ্তব্যসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক সচেতন কৰাও পৰিলক্ষিত হয় ।

গণৰাজ্য দিৱস হ’ল অতীতৰ গৌৰৱ স্মৰণ কৰাৰ দিন। বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰতিও আমাৰ দায়িত্বৰ কথা সুঁৱৰাই দিয়ে।এজন নাগৰিক হিচাপে আমি সংবিধানৰ আদৰ্শ অনুসৰি চলা, সমাজত শান্তি-সম্প্ৰীতি বজাই ৰখা, ভ্ৰষ্টাচাৰ, বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে অৱস্থান লোৱা আমাৰ নৈতিক কৰ্তব্য। গণতন্ত্ৰ সফল হ’বলৈ হ’লে নাগৰিকসকল সজাগ, সচেতন আৰু দায়িত্বশীল হোৱাটো অত্যাবশ্যক।

বৰ্তমান সময়ত ভাৰত বিভিন্ন সামাজিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত ক্ষেত্ৰত আগবাঢ়ি গৈছে। তথাপিও দৰিদ্ৰতা, নিবনুৱা ,আৰু সামাজিক বৈষম্যৰ দৰে সমস্যা এতিয়াও বিদ্যমান। গণৰাজ্য দিৱসে আমাক এই সমস্যাসমূহ দূৰ কৰি এখন শক্তিশালী, উন্নত আৰু আত্মনির্ভৰ ভাৰত গঢ়ি তোলাৰ সংকল্প ল’বলৈ অনুপ্ৰাণিত কৰে।

এই দিনটোৱে আমাক সংবিধানৰ আদৰ্শসমূহে দেশৰ ঐক্য, অখণ্ডতা আৰু উন্নয়নৰ বাবে একেলগে কাম কৰাৰ প্ৰেৰণা দিয়ে। এজন প্ৰকৃত ভাৰতীয় নাগৰিক হিচাপে গণৰাজ্য দিৱসৰ গুৰুত্ব অনুযায়ী নিজৰ কৰ্তব্য পালন কৰাই আমাৰ সকলোৰে মূল লক্ষ্য হোৱা উচিত।

আমাক নিজস্ব সংবিধান প্ৰদান কৰিবৰ বাবে কষ্ট স্বীকাৰ কৰা প্ৰতিজন মহান ব্যক্তিক আমি কৃতজ্ঞতা জ্ঞাপন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।