গণৰাজ্য দিৱসলৈ মাজত আৰু মাত্ৰ এটা দিন

গণৰাজ্য দিৱসলৈ মাজত আৰু মাত্ৰ এটা দিন

ৰঙিলী বাৰ্ত্তাসেৱা-  গণৰাজ্য দিৱসলৈ মাজত আৰু মাত্ৰ এটা দিন৷ সমগ্ৰ দেশৰ লগতে অসমতো দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ আনহাতে এইবাৰ গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ইফালে আলফা আৰু এন এছ চি এনে গণৰাজ্য দিৱস বৰ্জন আৰু ১৮ ঘণ্টীয়া বন্ধৰ আহবান কৰিছে৷ ৰাজ্যত গণৰাজ্য দিৱসৰ আগে-পিছে বিদ্ৰোহী সংগঠনৰ সম্ভাব্য কূটাঘাত ৰোধ কৰিবৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ উল্লেখযোগ্য যে সমাগত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপনৰ বাবে ৰাজ্যৰ জিলাই জিলাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে৷ প্ৰতিখন জিলাতে ইতিমধ্যে পেৰেড গ্ৰাউণ্ডসমূহ নিৰাপত্তা বাহিনীৰ অধীনলৈ নিয়া হৈছে৷ আনহাতে প্ৰতিখন জিলাতে পতাকা উত্তোলন কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলক দায়িত্ব অৰ্পণ কৰা হৈছে৷