গণেশ দাস হাইস্কুলত সৰস্বতী পূজা উদযাপন

গণেশ দাস হাইস্কুলত সৰস্বতী পূজা উদযাপন

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- বস্ত্ৰনগৰী শুৱালকুছিত প্ৰতি বছৰে পূজা-পাৰ্বন,  সকলো উৎসৱ পালন কৰা হয় ।তাৰ ভিতৰত  শিক্ষাৰ্থীসকলৰ  বাবে   বিদ্যাৰ অধিষ্ঠাত্ৰী  মাঁ  দেৱী সৰস্বতী  পূজাভাগ  অন্যতম। শুৱালকুছিৰ সকলো শিক্ষানুষ্ঠানতে পূজাভাগ  আয়োজন  কৰিছে ।বিগত বৰ্ষৰ দৰে এইবেলিও শুৱালকুছি গণেশ দাস হাইস্কুলতো পূজাভাগ আধ্যাত্মিক ভাবেৰে সুন্দৰ  উপস্থাপন কৰিছে। পঢ়িথকা ছাত্ৰ/ছাত্ৰীৰ লগতে প্ৰাপ্তন ছাত্ৰ/ছাত্ৰী  সকলেও দেৱীৰ  আশীষ লৈছে।