গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ চেমনীয়াৰ বিশেষ বৈঠক

গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ চেমনীয়াৰ বিশেষ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা-  গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ চেমনীয়াৰ বিশেষ বৈঠকখন দেওবাৰে ধীৰেনপাৰাস্থিত সমাজকৰ্মী সঞ্জীৱ দেৱ চৌধুৰীৰ বাসগৃহত অনুষ্ঠিত হয়৷সমাজৰ সম্পাদক গকুল বৰুৱাই পূৰ্বৱৰ্তী সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ পাছতে মৃদুস্মিতা মিশ্ৰৰ গণেশবন্দনাৰে অনুষ্ঠান শুভাৰম্ভ কৰা হয়৷ বিদ্যানন্দিনী কাকতিয়ে সঞ্চালনা কৰা অনুষ্ঠানত নম্ৰতা ডেকা, অৰুন্ধতী দেৱ চৌধুৰী, মৃদুস্মিতা মিশ্ৰই আসন অলংকৃত কৰে৷ মৃদুস্মিতা মিশ্ৰই আঁত ধৰা অনুষ্ঠানত কাব্যনীল চৌধুৰী, অপস্যা বৰঠাকুৰ, হষিকা Hrisika বৈশ্য, আয়ুস্মান পৰাশৰ, দিব্যনীল ঠাকুৰীয়া, ৰুদ্ৰনীল ঠাকুৰীয়া, নমামী দাস, বিদ্যানন্দনী কাকতি, মৃদুস্মিতা মিশ্ৰ, স্বৰ্ণক বেজবৰুৱা, হদয়নীল Hridaynil ঠাকুৰীয়া, তেজ প্ৰীতম ডেকা, নম্ৰতা ডেকা, তনুশ্ৰী বসাক, বিভূজ্যোতি কলিতা, কৃষ্টিনা বৰ্মন আদিয়ে কবিতা, প্ৰৱন্ধ, গল্প পাঠ কৰে৷অনুষ্ঠানত মেঘনা দাস,হষিকা Hrisika নাথ,জ্যোতিস্মান দাস,মন্হন কলিতা,দীশান্ত দলৈ,ডলি দেৱ চৌধুৰী,ৰিদীপ দেৱ চৌধুৰী,ৰঞ্জন বড়ো,কৌস্তভ দাসে গীত পৰিৱেশন কৰে৷কৌস্তভ দাস,আৰ্হি দাস,অৰুন্ধতী দেৱী চৌধুৰীয়ে নৃত্য পৰিৱেশন কৰি উপস্হিত ৰাইজক আমোদ দিয়ে৷অনুষ্ঠানত সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ কণ কণ শিশুসকলে সমবেত সংগীত, অম্লান আৰু ৰিদীপ দেৱ চৌধুৰীৰ বেহেলা বাদনে নিশাটো জীপাল কৰি তোলে৷সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা, সংগীত শিল্পী, অভিনেত্ৰী ৰীনা দাসে ‘তানসেন বঁটা’ লাভ কৰাৰ বাবে সাহিত্য সমাজৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷